চোৰৰ সন্দেহত যুৱকক গণপ্ৰহাৰ, চুলি কাটি শাস্তি - Cachar news
🎬 Watch Now: Feature Video


Published : Jan 30, 2024, 11:20 AM IST
শিলচৰ, 30 জানুৱাৰী : কাছাৰৰ কাটিগড়াত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে ৷ বাইক চোৰ সন্দেহত যুৱকক প্ৰকাশ্যে চুলি কাটি শাস্তি প্ৰদান কৰাৰ ঘটনা পোহৰলৈ আহিছে । কাছাৰৰ কাটিগড়া মোহনপুৰত সংঘটিত হয় হৈছে এই ভয়ংকৰ ঘটনা ।
জানিব পৰা মতে, আবজল হুছেইন নামৰ যুৱকজনে এখন পালচাৰ বাইক লৈ যোৱাৰ সময়ত একাংশ লোকে তেওঁক চোৰৰ সন্দেহ কৰি আটক কৰে । তাৰ পিচতেই যুৱকজনক সোধা পোছা নকৰাকৈয়ে একাংশ লোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । আনকি ৰাজপথত প্ৰকাশ্যে শ শ লোকৰ সম্মুখত যুৱকজনৰ চুলি কাটি দিয়ে উত্তেজিত লোকসকলে ।
ইফালে, একাংশ লোকৰ অভিযোগ অনুসৰি, কৰিমগঞ্জৰ বদৰপুৰৰ পৰা এখন পালচাৰ বাইক চুৰি হৈছিল । এই চুৰি কৰা বাইক লৈয়েই আবজল নামৰ যুৱকজনে মেঘালয় অভিমুখে গৈ থকাৰ সময়ত তেওঁক কৰায়ত্ত কৰে ।
এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকসকলৰ হাতৰ পৰা যুৱকজনক উদ্ধাৰ কৰি থানালৈ লৈ যায় । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো: বিদ্যুৎ শইকীয়া