চোৰৰ সন্দেহত যুৱকক গণপ্ৰহাৰ, চুলি কাটি শাস্তি - Cachar news

🎬 Watch Now: Feature Video

thumbnail
চোৰৰ সন্দেহত যুৱকক গণপ্ৰহাৰ, চুলি কাটি শাস্তি প্ৰদান (undefined)

By ETV Bharat Assamese Team

Published : January 30, 2024 at 11:20 AM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, 30 জানুৱাৰী : কাছাৰৰ কাটিগড়াত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে ৷ বাইক চোৰ সন্দেহত যুৱকক প্ৰকাশ্যে চুলি কাটি শাস্তি প্ৰদান কৰাৰ ঘটনা পোহৰলৈ আহিছে । কাছাৰৰ কাটিগড়া মোহনপুৰত সংঘটিত হয় হৈছে এই ভয়ংকৰ ঘটনা ।

জানিব পৰা মতে, আবজল হুছেইন নামৰ যুৱকজনে এখন পালচাৰ বাইক লৈ যোৱাৰ সময়ত একাংশ লোকে তেওঁক চোৰৰ সন্দেহ কৰি আটক কৰে । তাৰ পিচতেই যুৱকজনক সোধা পোছা নকৰাকৈয়ে একাংশ লোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । আনকি ৰাজপথত প্ৰকাশ্যে শ শ লোকৰ সম্মুখত যুৱকজনৰ চুলি কাটি দিয়ে উত্তেজিত লোকসকলে । 

ইফালে, একাংশ লোকৰ অভিযোগ অনুসৰি, কৰিমগঞ্জৰ বদৰপুৰৰ পৰা এখন পালচাৰ বাইক চুৰি হৈছিল । এই চুৰি কৰা বাইক লৈয়েই আবজল নামৰ যুৱকজনে মেঘালয় অভিমুখে গৈ থকাৰ সময়ত তেওঁক কৰায়ত্ত কৰে । 

এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকসকলৰ হাতৰ পৰা যুৱকজনক উদ্ধাৰ কৰি থানালৈ লৈ যায় । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো: বিদ্যুৎ শইকীয়া

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details