প্ৰসংগ : ভূপেন বৰাক প্ৰহাৰ; বিজেপি দল-চৰকাৰক বদনাম কৰাৰ অপচেষ্টা কংগ্ৰেছৰ : শিবু মিশ্ৰ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:10 PM IST

thumbnail

হোজাই, 22 জানুৱাৰী : ‘‘ভূপেন বৰাক প্ৰহাৰ কৰা সকল প্ৰকৃততে বিজেপিৰ মানুহ বা ৰামভক্ত হয়নে ? ৰাম মন্দিৰৰ কাৰ্যক্ৰমক আঘাত কৰা বা বাধা দিয়াৰ চেষ্টা কৰা সেয়া কংগ্ৰেছৰ পলিচিও হ’ব পাৰে ৷ আজিৰ দিনত ৰাহুল গান্ধীৰ স্থিতি কৰি ? কোন যাব তেওঁক বাধা দিয়াৰ বাবে ? আমাৰ দল (বিজেপি দল) আৰু চৰকাৰক বদনাম কৰাৰ বাবে তেওঁলোকে এনে কাৰ্যপন্থা হাতত লৈছে ৷’’ এয়া লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ ভাষ্য ৷

উল্লেখ্য যে, আজি অতি ধুমধামেৰে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান সম্পন্ন হয় ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ হোজাই মণ্ডলৰ উদ্যোগত লংকাৰ মা লংকেশ্বৰী মন্দিৰত মহাশান্তিৰ বাবে যজ্ঞৰ আয়োজন কৰা হয় হয় ৷ এই ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকে লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ৷ এই অনুষ্ঠানতে সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত সংঘটিত হোৱা অঘটন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

লগতে পঢ়ক : কাইলৈ গুৱাহাটীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.