কংগ্ৰেছ দলে বৰপেটাৰ আসনখন বিজেপিক এৰি দিছে : শ্বেৰমান আলী আহমেদৰ অভিযোগ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
ৰকিবুল হুছেইনক কটাক্ষ বিধায়ক শ্বেৰমান আলী আহমেদৰ (undefined)

By ETV Bharat Assamese Team

Published : April 19, 2024 at 10:54 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা, 19 এপ্ৰিল : বৰপেটা লোকসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত ঠিয় হ'ল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ ৷ শুকুৰবাৰে মনোৰঞ্জন তালুকদাৰৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত হৈ শ্বেৰমান আলী আহমেদে সাংবাদিকৰ আগত কয় যে, বৰপেটাত কংগ্ৰেছে বিজেপি দলক এৰি দিছে ৷ বৰপেটাত কংগ্ৰেছে অত্যন্ত দুৰ্বল প্ৰাৰ্থী দিছে ৷ দীপ বায়নৰ নামটোকে কোনেও নাজানে বুলি কয় তেওঁ ৷ লগতে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী এজন ভাল আৰু ভদ্ৰ মানুহ বুলি উল্লেখ কৰি এই বয়সত সংসদলৈ গৈ তেওঁ বৰ বেচি কিবা কৰিব পাৰিব আশা কৰিব নোৱাৰি বুলি কয় কংগ্ৰেছৰ নিলম্বিত বিধায়কজনে ৷

আনহাতে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক শুভেচ্ছা জনাবলৈ মনোনয়নৰ সময়ত উপস্থিত হোৱা বুলি মন্তব্য কৰে শ্বেৰমান আলী আহমেদে ৷ লগতে কংগ্ৰেছে বৰপেটাৰ আসনখন বিজেপিক বিক্ৰী কৰিছে বুলি অভিযোগ কৰে ৷ কংগ্ৰেছে জয়ী হ’ব পৰা প্ৰাৰ্থী দিয়াই নাই বুলি উল্লেখ কৰি দলটোৱে বৰপেটাত দুই লাখ ভোটো নাপায় বুলি কয় বিধায়কজনে ৷  

ধুবুৰী সমষ্টিক লৈয়ো শ্বেৰমান আলী আহমেদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে, তিনিবাৰৰ কেবিনেট মন্ত্ৰী হৈ থাকোতে ৰকিবুল হুছেইনে সংখ্যালঘু লোকৰ বাবে বা অসমৰ বাবে কোনো দিনেই মাত মতা নাই ৷ তেওঁৰ দিনতেই প্ৰত্যেকটো নিৰ্বাচনৰ আগে আগে লাখ লাখ লোকক ডি ভোটাৰ কৰিছে ৷ ৰকিবুল হুছেইনক সাংসদ নিৰ্বাচিত কৰিলে ধুবুৰীবাসী বহু যুগ পিচুৱাই যাব বুলি কটাক্ষ কৰে বিধায়কজনে ৷ লগতে ৰকিবুল হুছেইন এজন বৰ দুষ্ট মানুহ বুলিও মন্তব্য কৰে বিধায়ক শ্বেৰমান আলী আহমেদে ৷  

লগতে পঢ়ক : নিৰ্বাচনত কোনটো সমষ্টিত কাক সমৰ্থন জনাব এ আই ইউ ডি এফে - Lok Sabha Elections 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details