মোদীৰ বতাহত ডিব্ৰুগড় সমষ্টিত বিৰোধী প্ৰাৰ্থী থিয় হৈ থাকিব নোৱাৰিব: প্ৰশান্ত ফুকন

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:43 PM IST

thumbnail

ডিব্ৰুগড়, 10 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো তৎপৰ হৈছে । '২৪ ৰ লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে ১২খন আসনত জয়লাভ কৰাৰ কথা ইতিমধ্য ঘোষণা কৰিছে । আনহাতে বিজেপিক লোকসভাত প্ৰতিহত কৰিবলৈ গঠন হৈছিল বিৰোধী ঐক্য মঞ্চ । বিৰোধী ঐক্য মঞ্চ গঠন হোৱাৰ পাচতেই যেন শাসক দল বিজেপি লোকসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে । অতি শক্তিশালীভাৱে আৰম্ভ কৰিছে সাংগঠনিক কামকাজ । কিন্তু ইয়াৰ মাজতে আপে ৰাজ্যৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ।

আপে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা পাচতেই ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ । বিধায়ক গৰাকীয়ে কয়, আজিৰ দিনত নৰেন্দ্ৰ মোদীৰ যি বতাহ সেই বতাহত ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী প্ৰাৰ্থী থিয় হৈ থাকিব নোৱাৰিব । ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ত যি জনকে প্ৰাৰ্থিত্ব দিব অতি কমেও চাৰে তিনি লাখ ভোটত জয়লাভ কৰিব । ডিব্ৰুগড়ৰ পৰা বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিব সেই কথা নিশ্চিত হোৱা নাই বুলি কয় বিধায়ক প্ৰশান্ত ফুকনে । লগতে INDI এলায়েন্স ভংগৰ দিশে গতি কৰাক লৈ বিধায়ক প্ৰশান্ত ফুকনে কয়, ভঙা চিচা কেতিয়াও জোৰা নালাগে । বিৰোধীয়ে যিমান চেষ্টা কৰিলেও পুনৰ দেশত মোদী চৰকাৰেই হ'ব ।

প্ৰশান্ত ফুকনৰ ভাষাত MODI ৰ ফুল ফৰ্ম হ’ল Master of Developed India ৷

লগতে পঢ়ক : তৃণমূল কংগ্ৰেছ নাথাকিব ইণ্ডি এলায়েন্সত ! সম্ভাৱনা ব্যক্ত ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.