ETV Bharat / politics

তৃণমূল কংগ্ৰেছ নাথাকিব ইণ্ডি এলায়েন্সত ! সম্ভাৱনা ব্যক্ত ভূপেন বৰাৰ - Assam TMC

Bhupen Borah: সম্ভৱতঃ অসমতো কংগ্ৰেছৰ সৈতে বুজাবুজি নহ’ব তৃণমূল কংগ্ৰেছৰ ৷ ভূপেন বৰাৰ এক মন্তব্যই এই সম্ভাৱনা আনিছে ৷ পশ্চিমবংগতে যেতিয়া বুজাবুজি নহ’ল, বেলেগ ৰাজ্যতো তৃণমূলৰে বুজাবুজি সম্ভৱ নহ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

Bhupen Borah
কৰিমগঞ্জত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : February 3, 2024 at 7:36 PM IST

Updated : February 3, 2024 at 8:04 PM IST

2 Min Read
কৰিমগঞ্জত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

কৰিমগঞ্জ, 3 ফেব্ৰুৱাৰী: পশ্চিম বংগৰ দৰে তৃণমূল কংগ্ৰেছৰ শক্তিশালী ভেঁটি থকা এখন ৰাজ্যতে যদি দলটোৱে এলায়েন্স নকৰাকৈ প্ৰাৰ্থী নিক্ষেপ কৰিবলৈ বিচাৰিছে, তেন্তে আন ৰাজ্যতো এলায়েন্স হ’ব বুলি ভূপেন বৰাৰ মনে ধৰা নাই ৷ শনিবাৰে এই কথা জানিবলৈ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লোতসভা নিৰ্বাচনলৈ বৰ বেছিদিন নাই যদিও ইণ্ডি এলায়েন্সৰ দলসমূহৰ মাজত এতিয়াও যেন বুজাপৰা হোৱাই নাই ৷ এতিয়াও যেন এলায়েন্স ত্যাগ কৰিবলৈ সাজু হৈ আছে কোনো দল অথবা এলায়েন্সৰ পৰা বাদ দিবলৈ সাজু হৈ আছে কংগ্ৰেছ ৷ ভূপেন বৰাৰ মন্তব্যই এই কথাই স্পষ্ট কৰিলে যে অসমতো যেন আগন্তুক নিৰ্বাচনত ইণ্ডি এলায়েন্সৰ হৈ প্ৰক্ষেপ কৰা নহ’ব তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কৰিমগঞ্জত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে যে মমতা বেনাৰ্জীয়ে বাৰে বাৰে কৈছে যে পশ্চিম বংগত কংগ্ৰেছক এখনো আসন দিয়া নহ’ব ৷ য’ত তৃণমূল কংগ্ৰেছ শক্তিশালী, তাতে যদি বুজাবুজি নহয়, তেনেক্ষেত্ৰত ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত বুজাবুলি হ’ব বুলি তেওঁৰ মনে নধৰে ৷ যদিহে পশ্চিমবংগত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ বুজাবুজি হয়, তেতিয়াহে বেলেগ ৰাজ্যতো বুজাবুজি হোৱাৰ সম্ভাৱনা থাকিব ৷

উল্লেখ্য যে বৃহস্পতিবাৰে কৰিমগঞ্জত উপস্থিত হৈ ধাৰাবাহিকভাৱে দলীয় কৰ্মীৰ সৈতে ইখনৰ পিচত সিখন বৈঠকত মিলিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । অৱশ্যে কৰিমগঞ্জ লোকসভা সমষ্টিক লৈ যে একপ্ৰকাৰে দোধোৰ-মোধোৰ স্থিতিত আছে প্ৰদেশ কংগ্ৰেছ, সেয়া ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যই স্পষ্ট কৰিছে ।

শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ভূপেন বৰাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰাক উপত্যকাত যিহেতু দুটাকৈ বিধানসভা সমষ্টি কৰ্তন কৰা হৈছিল, ইয়াৰ প্ৰত্যুত্তৰ হিচাবে বৰাকৰ ৰাইজে উপত্যকাটোৰ দুই লোকসভা সমষ্টি কংগ্ৰেছক উপহাৰ দিব ।

ইপিনে কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিক জিকাবলৈ বদৰুদ্দিন আজমল উঠি পৰি লাগিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলক ধুবুৰীত জিকাবলৈ উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ইফালে সংবাদ মাধ্যমৰ ওপৰত আস্থা হেৰুৱাই এইবাৰ সামাজিক মাধ্যমৰ সহযোগত প্ৰদেশ কংগ্ৰেছ আগ বাঢ়িব পৰিকল্পনা লোৱাৰ কথা উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

এক কথাত ভূপেন বৰাৰ কথাতেই স্পষ্ট হৈ পৰিছে যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সংৰক্ষণমুক্ত কৰিমগঞ্জ কংগ্ৰেছে লাভ কৰাটো একপ্ৰকাৰে সপোনৰ সমতুল্য ।

লগতে পঢ়ক: অসম ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীক প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

Last Updated : February 3, 2024 at 8:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.