ETV Bharat / state

অসম ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীক প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 4:11 PM IST

PM Modi Assam visit
অসম ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীক প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

PM Modi Assam visit: দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তাৰ প্ৰাকক্ষণত অসম তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰীক তেওঁৰ দলৰ পূৰ্বৰ প্ৰতিশ্ৰুতিবোৰ সোঁৱৰাই দিয়ে । জনজাতিকৰণ, নিযুক্তি, আইন শৃংখলা আদি বিভিন্ন বিষয়ক লৈ ৰিপুন বৰাই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে ।

অসম ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীক প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী,২ ফেব্ৰুৱাৰী : ৩ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ অসম গৌৰৱ লাচিত বৰফুকনৰ প্ৰতিমূর্তি উন্মোচনকে ধৰি কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব । আগমনৰ পূৰ্বে তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে । জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ৰাজ্যিক সভাপতি ৰিপুণ বৰাই কেইবাটাও প্ৰশ্ন উত্থাপন কৰে ।

প্রধানমন্ত্রীগৰাকীৰ আগমনক আদৰণি জনাৱাৰ লগতে পূৰ্বৰ কেইবাটাও প্রতিশ্রুতি সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰে । ৰিপুণ বৰাৰ মতে কেৱল ডিঙিত গামোচা ল'লেই অসমক ভাল পোৱা নুবুজাই । বিজেপি শাসনলৈ আহিলে ৬ মাহত অসমৰ ৬ জনগোষ্ঠীক জনজাতি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । কিন্তু আজি ১০ বছৰে চৰকাৰে কিয় একো নকৰিলে বুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই ।

২০১৪ চনতে বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে এজনো বিদেশী অসমত থাকিব নোৱাৰে । কিন্তু মোদীয়ে কেইজন বিদেশীক চিনাক্ত কৰিলে আৰু কিমানক বিতাড়িত কৰিলে তাৰো উত্তৰ বিচাৰিলে ৰিপুণ বৰাই । আনহাতে বেটী বচাও, বেটী পঢ়াও শ্ল'গান দিয়া বিজেপি চৰকাৰৰ দিনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে । যোৱা ৫ বছৰত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা দেশৰ ভিতৰতে অসমত সৰ্বাধিক বুলি তেওঁ উল্লেখ কৰে ।

ৰিপুণ বৰাৰ মতে বাজপেয়ী ভৱনতেই মহিলাৰ নিৰাপত্তা নাই । ইফালে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিৰোধী নেতাসকলৰ বিৰুদ্ধে ইডিৰ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুণ বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ সীমাহীন দুৰ্নীতিৰ তদন্ত কিয় কৰা হোৱা নাই । মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে কিয় ইডিয়ে অভিযান নচলায় ? প্ৰধানমন্ত্ৰীয়ে অসমক অষ্টলক্ষ্মী বুলি কয় । কিন্তু অসমৰ ৰাইজক বন্ধকত থৈ ঋণ লৈছে চৰকাৰে । অসম কঙাল হৈ পৰিছে । চৰকাৰৰ বাজেটৰ ২০ শতাংশ ধন সুদ পৰিশোধ কৰোতেই যায় । সেয়ে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে উত্তৰ-পূৱক অষ্টলক্ষ্মী কৰিবলৈ মোদীয়ে কি কৰিলে ?

বিজেপিয়ে বছৰত ২ কোটি যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ কথা কৈছিল । বৰ্তমান অসমতে ১ কোটি ২৩ লাখ ২২ হাজাৰ ৫৭ গৰাকী নিবনুৱা আছে । ৰিপুণ বৰাৰ মতে মাত্ৰ ১ লাখক হে নিযুক্তি দিছে চৰকাৰে । প্ৰধানমন্ত্ৰীৰ ২ কোটি চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি কি হ'ল বুলিও তেওঁ প্ৰশ্ন কৰে । ইফালে ব্ৰহ্মপুত্ৰ খনন কৰি দুয়োফালে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা আছিল । সেয়া কি হ'ল ? নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ ক্ষেত্ৰত বিজেপিয়ে কি কৰিলে বুলিও ৰিপুণ বৰাই প্ৰশ্ন কৰে ।

লগতে পঢ়ক :সুৰক্ষিত ভৱিষ্যতৰ দাবীত সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.