ETV Bharat / state

সুৰক্ষিত ভৱিষ্যতৰ দাবীত সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী ধৰ্মঘট

Namrup Fertilizer Factory: মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । নামৰূপ সাৰ কাৰখানাক পুৰুদ্ধাৰৰ বাবে আৰু সাৰ কাৰখানাৰ সুৰক্ষিত ভৱিষ্যতৰ দাবীত সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে নামৰূপ সাৰ কাৰখানা সুৰক্ষা ঐক্য মঞ্চই ।

Strike in Namrup Fertilizer Factory
সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ধৰ্মঘট
author img

By ETV Bharat Assamese Team

Published : February 2, 2024 at 3:02 PM IST

2 Min Read
Choose ETV Bharat
সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ধৰ্মঘট

মৰাণ,২ ফেব্ৰুৱাৰী: চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা। নামৰূপ সাৰ কাৰখানাক পুনৰুদ্ধাৰৰ বাবে বাৰে বাৰে প্ৰতিবাদ কৰি আহিছে যদিও কাণসাৰ দিয়া নাই চৰকাৰ কৰ্তৃপক্ষই । নামৰূপ সাৰ কাৰখানাৰ সুৰক্ষিত ভৱিষ্যতৰ দাবীত সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত পুনৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে নামৰূপ সাৰ কাৰখানা সুৰক্ষা ঐক্য মঞ্চই ।

ঐক্য মঞ্চৰ অভিযোগ যে সময় যোৱাৰ লগে লগে নামৰূপ সাৰ কাৰখানাৰ সমস্যা বৃদ্ধি হৈছে । প্ৰথম অৱস্থাত সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈ আছিল আৰু তাৰ পাছত নীতি আয়োগৰ পৰামৰ্শ অনুসৰি সাৰ কাৰখানাক নিৰ্বিনিয়োজন প্ৰক্ৰিয়াৰ মাজলৈ ঠেলি দিয়া আৰু শেহতীয়াকৈ সাৰ কাৰখানাই অনাদায় ধন দিবলৈ থাকি যোৱাৰ বাবে অসম গেছ কোম্পানীয়ে গেছ যোগান কৰ্তন কৰা আদি বিভিন্ন সমস্যাই উদ্যোগটোক আগুৰি ধৰিছে ৷

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন নোহোৱা পৰ্যন্ত তৃতীয় গোটটো কাৰ্যক্ষম হৈ থকাটো অত্যন্ত জৰুৰী বুলি সাৰ কাৰখানা সুৰক্ষা ঐক্য মঞ্চই দাবী উত্থাপন কৰে । অন্যথা নামৰূপ সাৰ কাৰখানাৰ অৱস্থাও কাগজ কলৰ দৰেই হ'ব । এই সমগ্ৰ পৰিঘটনা সন্দৰ্ভত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি ঐক্য মঞ্চই স্থানীয় সাংসদ ৰামেশ্বৰ তেলী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰদান কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশন চলি আছে ৷ সেয়েহে এই বাজেট অধিৱেশনৰ সময়তে যদি সাৰকাৰখানাৰ বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে ল'ব পৰে তাৰ বাবে সাৰ কাৰখানাৰ সুৰক্ষা ঐক্য মঞ্চৰ এটা সঁজাতি দলে দিল্লীলৈ যাবলৈও যা-যোগাৰ চলোৱা বুলিও জানিবলৈ দিয়ে সংগঠনটোৰ প্ৰতিনিধিসকলে ।

লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ দাবীত কণ কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ