ETV Bharat / state

মধ্যাহ্ন ভোজনৰ দাবীত কণ কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 12:10 PM IST

Students demanding mid day meal : মধ্যাহ্ন ভোজনৰ নামত প্ৰধান শিক্ষকে দুৰ্নীতি কৰাৰ অভিযোগ । শ্ৰেণীকোঠা এৰি কাঁহী-বাতি বজাই প্ৰতিবাদত নামিল কণ কণ ছাত্ৰ-ছাত্ৰী । ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯২০ নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ ।

Student demanding mid day meal in Kalgachia
মধাহ্ন ভোজনৰ দাবীত কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

জনীয়া, ২ ফেব্ৰুৱাৰী : চৰকাৰী বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডই প্ৰায়েই লাভ কৰে সংবাদ শিৰোনাম । কেতিয়াবা যদি প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি, আন কেতিয়াবা মধ্যাহ্ন ভোজনত দুৰ্নীতিত লিপ্ত হোৱাৰ বাতৰি সহজলভ্য । পিছে এইবাৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে কাঁহী-বাতি বজাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰধান শিক্ষকৰ বিৰুদ্ধে । ঘটনাৰ স্থান কলগাছিয়া । প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজন নিদিয়াৰ বাবেই প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীসকলৰ ।

বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯২০ নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক ফইজুল হকক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ আহাৰ বিচাৰি হাতত কাঁহী-বাটি লৈ ঘেৰাও কৰে । বিগত ১৫ দিন ধৰি মধ্যাহ্ন ভোজন বন্ধ ৰখাত এইদৰে প্ৰতিবাদ কৰে ছাত্ৰ-ছাত্ৰীসকলে । ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

ইয়াৰোপৰি প্ৰধান শিক্ষক ফইজুল হকৰ বিৰুদ্ধে সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । পাঠদান নকৰি ৰ'দত বহি ম’বাইল ফোন খুচৰি থকাৰ অভিযোগ শিক্ষকগৰাকীৰ বিৰুদ্ধে । বিদ্যালয় পৰিচালনা সমিতিৰ সভা অনুষ্ঠিত নকৰাৰ অভিযোগ । কেৱল ইমানেই নহয় ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত প্ৰধান শিক্ষক ফইজুল হকে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।

ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত । ঘটনাস্থলীত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমিয়া, ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া প্ৰদীপ কুমাৰ দাস আৰু কলগাছিয়াৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে খণ্ড শিক্ষা বিষয়াই ।

লগতে পঢ়ক: সোণাৰিত গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.