ETV Bharat / state

সোণাৰিত গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ

road build up by public : সাংসদ তপন গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ৷ সোণাৰিত জৰাজীৰ্ণ পথ নিৰ্মাণৰ বাবে ৰাজপথলৈ ওলায় আহিল ৰাইজ ৷ ক্ষোভ উজাৰিলে স্থানীয় বিধায়ক সাংসদৰ বিৰুদ্ধে ৷

road build up by public
সোণাৰিত গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ
author img

By ETV Bharat Assamese Team

Published : February 2, 2024 at 7:01 AM IST

2 Min Read
Choose ETV Bharat
সোণাৰিত গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ

মৰাণ, 2 ফেব্ৰুৱাৰী: ৰাজ্যৰ চৌদিশে এতিয়া চলিছে উন্নয়নৰ ৰঙীণ বিজ্ঞাপন । ৰাজ্যখনৰ পৰা সমস্যা প্ৰায়ে নোহোৱা হোৱা বুলি ৰাজ্যখনৰ শাসকীয় দলটোৱে দাবী কৰি আহিছে । দেশৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এখনৰ পাচত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰি থকাৰ সময়ত চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিত ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিবলগীয়া হৈছে পথ ।

সোণাৰি সমষ্টিৰ নিৰ্মলীয়া গাঁৱৰ জৰাজীৰ্ণ পথটো দীৰ্ঘদিন ধৰি ৰাইজে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক নিৰ্মাণ কৰি দিবলৈ আবেদন জনায় আহিছিল । উল্লেখ কৰা প্ৰয়োজন যে, বেঙেনাবাৰীৰ পৰা জলহা লৈ আইদেউ হাবি গাঁৱৰ মাজেৰে যোৱা পথটোৰ প্ৰায় শতাধিক পৰিয়ালৰ বাবে এই পথটো অত্যন্ত গুৰুত্বপূৰ্ণ ।

পথটো জৰাজীৰ্ণ হোৱাৰ বাবে বাৰিষা গাঁৱৰ ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হয় । নাজল-নাথল হৈ পৰা পথটোৰে কোনো বাহন অহা যোৱা কৰিব নোৱাৰে । যাৰ ফলত স্কুল কলেজৰ ছাত্র- ছাত্ৰীয়ে বোকাময় পথেৰে কষ্টৰে অহা যোৱা কৰিবলগীয়াত পৰে ।

আনকি, পথটো জৰাজীৰ্ণ হোৱাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা লোক বঞ্চিত হৈ আহিছে বুলিও স্থানীয় লোকে জনায় ৷ গাঁৱলৈ এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰাৰ ফলত ৰোগীক চাঙি অথবা চাইকেলত প্ৰায় চাৰি কিলোমিটাৰ পথ লৈ যাবলগীয়া হয় ।

গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ বাবে আজিও স্থানীয় জন প্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে ৰাইজে পথটো নিৰ্মাণৰ বাবে হাতে হাতে দা-কোৰ লৈ ওলায় আহি ৷ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰে পথটো স্থায়ীভাৱে নিৰ্মাণ কৰি দিবলৈ দাবী জনায় ।

লগতে পঢ়ক : 9 বছৰতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ কোটি টকীয়া উৰণ সেতু