বিহু বুলি ক'লেই প্ৰতিজন অসমীয়াৰ দেহ-মন উঠলি উঠে : প্ৰশান্ত ফুকন - RONGALI BIHU 2024

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 9:04 PM IST

thumbnail

ডিব্ৰুগড়, ১৩ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লাগে শাসক বিৰোধী সকলো ৰাজনৈতিক দলে প্ৰচাৰ তুংগত কৰি তুলিছে । ৰাজনৈতিক ব্যস্ততাৰ মাজতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । বিধায়কগৰাকীয়ে কয়,"লোকসভা নিৰ্বাচনৰ ধামখুমীয়াত ৰঙালী বিহুৰ মাদকতা কিছু ম্লান পৰিছে । তথাপি বিহু বুলি ক'লেই প্ৰতিজন অসমীয়াৰ দেহ-মন উঠলি উঠে ।"

বিহুৰ দুটা দিন ৰাজনৈতিক ব্যস্ততাৰ পৰা আঁতৰি ৰাইজৰ মাজত সময় পাৰ কৰিব বুলিও কয় বিধায়কগৰাকীয়ে । বিহু উপলক্ষে বিধায়ক প্ৰশান্ত ফুকনে স্বভাৱসুলভভাৱে জুৰিলে বিহুগীত । তেওঁ পুনৰ কয়," আমি সকলোৱে ভাতৃত্ববোধেৰে আগন্তুক দিনত যাতে আমাৰ ৰাজ্য়খনক আগুৱাই নিব পাৰো তাৰ বাবে কাম কৰিব লাগিব ।" অসমখনক বিশেষ ব্য়ৱস্থাৰে আগুৱাই নিয়াৰ আশা ব্য়ক্ত কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:গৰু বিহুত কিয় লিখা হয় নাহৰৰ পাতত মন্ত্ৰ ? - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.