লোকসভা নিৰ্বাচনৰ পাচত কংগ্ৰেছৰ অৱস্থা আৰু বেয়া হ’ব : পীযুষ হাজৰীকা - Lok Sabha Elections

🎬 Watch Now: Feature Video

thumbnail
কংগ্ৰেছক কটাক্ষ পীযুষ হাজৰীকাৰ (undefined)

By ETV Bharat Assamese Team

Published : March 25, 2024 at 9:18 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ, 25 মাৰ্চ : "কংগ্ৰেছৰ পৰা প্ৰত্যেক দিনাই নেতা-কৰ্মীয়ে পদত্যাগ কৰি কৰি দলটোক নিশকটীয়া কৰি দিছে ৷ কংগ্ৰেছৰ বাবে এয়া নতুন কথা একেবাৰে নহয় ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ সোমবাৰে শিৱসাগৰৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত নগৰমহল পঞ্চায়তৰ বালিফিল্ডত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীজনে ৷  

আনহাতে সাংসদ অজিত কুমাৰ ভূঞাক কটাক্ষ কৰি মন্ত্ৰী হাজৰীকাই কয়- "অজিত কুমাৰ ভূঞাৰ বিশেষ কিবা আছে বুলি নাভাবো ৷ আন্দোলনৰ নামত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ ভোটত তেওঁ সাংসদ হ’ল ৷ তেওঁৰ বিশেষ কিবা স্থিতি আছে বুলি নাজানো ৷"

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰী কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীজনে কয় যে, এনেকুৱা পৰিৱেশ হ’ব পাৰে ৷ কংগ্ৰেছৰ অৱস্থা অতি বেয়া ৷ লোকসভা নিৰ্বাচনৰ পাচত দলটোৰ অৱস্থা আৰু বেয়া হ’ব ৷ দলটোৰ প্ৰায়সকল নেতাই বিজেপিৰ লগত বৰ্তমান যোগাযোগত আছে বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷  

লগতে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ দুইৰ পৰা আঢ়ৈ লাখ ভোটত আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল চাৰে তিনি লাখৰ পৰা চাৰি লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰীজনে ৷ উল্লেখ্য যে, আজি ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত 9 টা স্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷  

লগতে পঢ়ক : কংগ্ৰেছৰ নেতা-কৰ্মীসকল গৰু-ছাগলীৰ দৰে বিক্ৰী হৈছে: দুলু আহমেদ - Lok Sabha Elections