ETV Bharat / politics

কংগ্ৰেছৰ নেতা-কৰ্মীসকল গৰু-ছাগলীৰ দৰে বিক্ৰী হৈছে: দুলু আহমেদ - Lok Sabha Elections

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 6:18 PM IST

Barpeta Lok Sabha Seat : কংগ্ৰেছৰ নেতা-কৰ্মীসকল মুখ্যমন্ত্ৰী তথা বিজেপিৰ ওচৰত গৰু-ছাগলীৰ দৰে বিক্ৰী হৈছে বুলি অভিযোগ দুলু আহমেদৰ ৷ লগতে অসম জাতীয় পৰিষদো কংগ্ৰেছৰ ওচৰত বিক্ৰী গৈছে বুলি অভিযোগ উত্থাপন কৰে তেওঁ ৷ বৰপেটাত ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি দাবী কৰে তেওঁ ৷

Barpeta Lok Sabha Seat
কংগ্ৰেছ আৰু মুখ্যমন্ত্ৰীক সমালোচনা দুলু আহমেদৰ

কংগ্ৰেছৰ ওচৰত অসম জাতীয় পৰিষদ বিক্ৰী হোৱাৰ অভিযোগ দুলু আহমেদৰ

জনিয়া, 25 মাৰ্চ : "বৰপেটাত ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব"- কংগ্ৰেছৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি এই মন্তব্য সদ্য অজাপত্যাগী নেতা দুলু আহমেদৰ ৷ লগতে অসম জাতীয় পৰিষদ দলকো সমালোচনা কৰে নেতাজনে ৷ কংগ্ৰেছৰ নেতা-কৰ্মীসকল বৰ্তমান মুখ্যমন্ত্ৰী তথা বিজেপিৰ ওচৰত গৰু-ছাগলীৰ দৰে বিক্ৰী হৈছে বুলি অভিযোগ দুলু আহমেদৰ ৷ লগতে অসম জাতীয় পৰিষদ দলটো কংগ্ৰেছৰ ওচৰত বিক্ৰী গৈছে বুলিও অভিযোগ উত্থাপন কৰে তেওঁ ৷

সোমবাৰে কলগাছিয়াত উপস্থিত হৈ দুলু আহমেদে কয় যে, দল সমূহক মানুহে বিশ্বাস নকৰা হৈছে ৷ কোন দলক বিশ্বাস কৰিব বুলি উল্লেখ কৰি তেওঁ সকলো দল মুখ্যমন্ত্ৰীৰ বুলি অভিযোগ কৰে ৷ কংগ্ৰেছৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি দলটোৰ অস্তিত্বই নাই বুলি কয় দুলু আহমেদে ৷ স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপি যাওঁ যাঁও কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ভূপেন বৰাই এখন ৰাজ্যসভাৰ আসন বিচাৰি আছে ৷ কাৰণ লোকসভা নিৰ্বাচনৰ পিচত ৰাজ্যসভাৰ দুখন বা তিনিখন আসন খালী হ’ব ৷ গতিকে ভূপেন বৰাই দৰ-দাম কৰি আছে বুলি কয় দুলু আহমেদে ৷

আনহাতে কংগ্ৰেছৰ সকলো নেতা-কৰ্মী মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ওচৰত গৰু-ছাগলীৰ দৰে বিক্ৰী গৈছে, গতিকে কংগ্ৰেছৰ অস্তিত্ব নাই বুলি মন্তব্য কৰে দুলু আহমেদে ৷ তেওঁ কয় যে, বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ’ব ৷ ৰাইজে বিচাৰিছে পাৰ্টী বনাম প্ৰাৰ্থী ৷ ফণীভূষণ চৌধুৰীৰ নিজৰে সংসদলৈ যাবলৈ ইচ্ছা নাই, তেওঁ কন্দা-কন্দি কৰি আছে ৷ গতিকে যাব নোখোজা এজন মানুহক বৰপেটাবাসী ৰাইজে কিয় ভোট দিব বুলি প্ৰশ্ন কৰে দুলু আহমেদে ৷

ইফালে অসম জাতীয় পৰিষদ এৰাৰ কাৰণ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত দুলু আহমেদে কয় যে, অজাপ দলটো সম্পূৰ্ণ কংগ্ৰেছৰ ওচৰত বিক্ৰী গৈছে ৷ দলটোৰ কোনো নীতি-নিয়ম নাই ৷ ৰাষ্ট্ৰীয় দল বাদ দি তেওঁ আঞ্চলিক দললৈ অহা বুলি উল্লেখ কৰি দুলু আহমেদে কয় যে, যিহেতু আঞ্চলিক দলটো কংগ্ৰেছৰ ওচৰত বিক্ৰী হৈ গ’ল গতিকে সেই দলৰ কোনো ভৱিষ্যৎ নাই ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি দুলু আহমেদে কয় যে, মুখ্যমন্ত্ৰীয়ে সকলো দল তেওঁৰ বুলি কৈয়ে থাকে ৷ 13 গৰাকী প্ৰাৰ্থী মুখ্যমন্ত্ৰীয়ে তেওঁৰ বুলি কৈ আছে ৷ বৰপেটাৰ প্ৰাৰ্থীজনকো মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী বুলি সকলোৱে সন্দেহ কৰি আছে ৷ এইবিলাক মুখ্যমন্ত্ৰীৰ লেতেৰা ৰাজনীতি বুলি উল্লেখ কৰে দুলু আহমেদে ৷

তদুপৰি ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক "গড় হত্যাকাৰী, ডকাইত আৰু বিজেপি তথা মুখ্যমন্ত্ৰীৰ দালাল" আখ্যা দিয়াৰ লগতে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু ৰেকিব উদ্দিন আহমেদকো ক্ষুৰধাৰ সমালোচনা কৰে দুলু আহমেদে ৷ লগতে বৰপেটাৰ ৰাইজে এইবাৰ দল নহয় ব্যক্তি চাইহে ভোট দিব বুলি মন্তব্য কৰে তেওঁ ৷


লগতে পঢ়ক : এতিয়া কংগ্ৰেছ 'এ' আৰু কংগ্ৰেছ 'বি' চলি আছে : গৌৰৱ গগৈ - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.