ইণ্ডি মিত্ৰজোঁট গঠন প্ৰধানমন্ত্ৰীক ভয় খুৱাবলৈ কৰা অপচেষ্টাহে: পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:28 PM IST

thumbnail

তেজপুৰ, 25 জানুৱাৰী: বৃহস্পতিবাৰে তেজপুৰত নতুন হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ কাৰ্ড প্ৰদান কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ আঁচনি তথা ৰাইজৰ হকে কাম কৰাৰ যি সদ্দিচ্ছা তাৰ আলোকপাত কৰে ৷ তেওঁ কয় যে বিজেপি চৰকাৰে কোনেও আগতে কল্পনা কৰিব নোৱৰা ধৰণে উন্নয়ন সাধন কৰিছে অসমত ৷ ইফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা তথা বিৰোধী মিত্ৰজোঁট সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৷ 

তেওঁ কয়, ‘‘তেওঁলোকে ভাঙি-ছিঙি গুৱাহাটীত প্ৰৱেশ কৰিব, আইন হাতত তুলি ল'ব, আমি কেনেকৈ বহি থাকিম ? তেওঁলোকে নিজেই কৈছে ভঙা-ছিঙাৰ কথা৷ আনকি আৰক্ষীক আক্ৰমণ কৰাৰো কথা কৈছে৷ গতিকে এই বিষয়ত তদন্ত হ'ব আৰু সেয়ে হয়তো তেওঁলোকক ৰাইজে শাসনৰ ক্ষমতা নিদিয়ে৷ তেওঁলোকৰ পৰানো আৰু কি আশা কৰিব পাৰি ?”

ইফালে, বিজেপি বিৰোধী উমৈহতীয়া মঞ্চৰ বিৰুদ্ধেও সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী ৷ চাহ-ভাত খাই আড্ডা মাৰিবলৈকে সকলো এক হোৱাৰ কথা তেওঁ ৮ মাহৰ পূৰ্বেই একপ্ৰকাৰ ভৱিষদ্বাণী কৰিছিল বুলি উল্লেখ কৰি পীযুষ হাজৰীকাই কয়, “TMC, AAP ওলাই গ'ল ৷ চাই থাকক, এটা এটাকৈ সকলো দল ওলাই যাব ৷ এয়া প্ৰধানমন্ত্ৰীক ভয় খুৱাবলৈ কৰা অপচেষ্টাৰ বাহিৰে আন একো নাছিল ৷”

লগতে পঢ়ক: তেজপুৰত ৬,৬৪০ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.