নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰ পৰিদৰ্শন মন্ত্ৰী জয়ন্তম মল্লবৰুৱাৰ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 10:34 PM IST

thumbnail

ডিব্ৰুগড়, 22 ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হৈছে শাসক দল বিজেপি । সমাগত লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে ‘গাঁও চলো’ অভিযান চলাই ৰাইজৰ ঘৰে ঘৰে গৈছে বিজেপিৰ নেতা-কৰ্মীসকল ।

উজনি অসমৰ পৰ্যটনৰ প্ৰাণকেন্দ্ৰ তথা নামফাকে গাঁও পৰিদৰ্শনৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ নাহৰকটীয়াত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ অসম চৰকাৰৰ মন্ত্ৰীগৰাকী ঐতিহ্যমণ্ডিত বৌদ্ধ বিহাৰত উপস্থিত হৈ সামূহিক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে বৌদ্ধ বিহাৰটোত সংৰক্ষিত হৈ থকা পুৰণি পুথি-পাঁজিসমূহ দৰ্শন কৰে ।

বৌদ্ধ মন্দিৰটো দৰ্শন কৰাৰ পিচত মন্ত্ৰীগৰাকীয়ে গাঁৱৰ প্ৰেক্ষাগৃহত গাঁওবাসীৰ লগত মত বিনিময় কৰাৰ লগতে সম্বৰ্ধনা গ্ৰহণ কৰে ৷ ইয়াৰ পিচতেই নামফাকে গাঁৱৰ নিবাসী আইজেণ্ডা গোহাঁইৰ বাসগৃহত মন্ত্ৰীগৰাকীয়ে নিশাটো যাপন কৰিব ।

লগতে পঢ়ক: বিজেপিৰ এই 'গাঁও চলো অভিযান’ কি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.