নাৰায়ণপুৰত হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ, মন্ত্ৰী অতুল বৰাই কৰিলে শুভাৰম্ভ

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:24 PM IST

thumbnail

বিহপুৰীয়া, 25 জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ৪৯১২ গৰাকী হিতাধিকাৰীক আজি বিতৰণ কৰা হয় ৰেচন কাৰ্ড । নাৰায়ণপুৰৰ বৰখামতি পথাৰত আয়োজন কৰা বিশাল ৰাজহুৱা সভাত ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হয় ৷

ৰাজ্যৰ কৃষিমন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৰেচন কাৰ্ডসমূহ । বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই উদ্বোধন কৰা ৰেচন কাৰ্ড বিতৰণৰ সভাখনত লখিমপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত উৎপল বৰাৰ লগতে আন কেইবাগৰাকীও জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে । 

মন্ত্ৰী অতুল বৰাই কয় যে আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত লোকসকলো শীঘ্ৰেই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব ৷ সজাগতাৰ অভাব অথবা চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবেই বহুলোক এতিয়াও বঞ্চিত হৈ থকা বুলি মন্তব্য কৰে অতুল বৰাই ৷ 

লগতে পঢ়ক: 2024ত অগপৰ ৰাজনৈতিক শক্তি বৃদ্ধি হ’ব বুলি নিশ্চিত অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.