ETV Bharat / politics

2024ত অগপৰ ৰাজনৈতিক শক্তি বৃদ্ধি হ’ব বুলি নিশ্চিত অতুল বৰা

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 7:47 PM IST

AGP Booth Sanmilan: সমাগত লোকসভা নিৰ্বাচনৰ জৰিয়তে সংসদলৈ এগৰাকী হ’লেও প্ৰতিনিধি পঠিওৱাৰ পণ লৈছে অগপই ৷ সেয়েহে বুথসমূহ শক্তিশালী কৰাত উঠি-পৰি লাগিছে অগপ নেতৃত্ব ৷ দলটোৱে অনুষ্ঠিত কৰিছে ইটোৰ পিচত সিটো সংসদীয় সমষ্টিত বুথ সন্মিলন ৷ বুধবাৰে আছিল যোৰহাট সংসদীয় সমষ্টিত ৷

AGP Booth Sanmilan
শিৱসাগৰত অগপৰ বুথ সন্মিলন

শিৱসাগৰত অগপৰ বুথ সন্মিলন

শিৱসাগৰ, 24 জানুৱাৰী: 2024 বৰ্ষটো অসম গণ পৰিষদৰ বাবে ৰাজনৈতিক শক্তি বৃদ্ধিৰ বৰ্ষ ৷ সমাগত লোকসভা নিৰ্বাচনৰ জৰিয়তে আঞ্চলিক দলটোৱে নিম্ন সদনলৈ এগৰাকী সাংসদক পঠিয়াব পাৰে তাৰ প্ৰতিও আশাবাদী দলটোৰ নেতৃত্ব ৷ এনেবোৰ লক্ষ্য আগত লৈ অগপই প্ৰতিখন জিলাতে আৰম্ভ কৰিছে বুথ সন্মিলন ৷

কাজিৰঙা, বৰপেটা আদি লোকসভা সমষ্টিৰ পিচত বুধবাৰে যোৰহাট সংসদীয় সমষ্টিত বুথ সন্মিলন অনুষ্ঠিত কৰে অসম গণ পৰিষদে ৷ শিৱসাগৰ জিলাৰ জয়সাগৰৰ ৰূপহীপথাৰত অনুষ্ঠিত হয় বিজেপিৰ মিত্ৰ দলটোৰ বুথ সন্মিলন । সমাগত লোকসভা নিৰ্বাচন আৰু তাৰ পিচতে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুথসমূহ যাতে শক্তিশালী কৰি জনসংযোগ বৃদ্ধি কৰিব পৰা যায় তাৰ বাবে অনুষ্ঠিত কৰা হৈছে অগপৰ বুথ সন্মিলন ৷

বুধবাৰে যোৰহাট সংসদীয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বুথ সন্মিলনখনত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপৰিও ফণীভূষণ চৌধুৰীসহ বহুকেইগৰাকী জেষ্ঠ্য নেতা ৷ সন্মিলনত উপস্থিত হৈ ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰে অগপৰ সভাপতি অতুল বৰাই । ৰাহুল গান্ধীয়ে ৰাজনৈতিক কৌতুক কৰা বুলি কটাক্ষ কৰে অতুল বৰাই ।

উন্নয়নৰ কাম হৈ থকাৰ সময়তে ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰি নিজেই অপমানিত হৈছে বুলি মন্তব্য কৰি অতুল বৰাই কয় যে কংগ্ৰেছৰ ইতিহাস দুৰ্নীতিৰ ইতিহাস । ইমানেই নহয়, চাৰিজন মানুহ লৈয়ো দল গঠন কৰি অগপকে সমালোচনা কৰা বুলি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদকো কটাক্ষ কৰে অতুল বৰাই । আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে অগপ শক্তিশালীৰূপত অৱৰ্তীণ হ'ব বুলি মন্তব্য কৰে অগপৰ সভাপতিগৰাকীয়ে ।

আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত শাৰীৰিক আক্ৰমণ কৰা সন্দৰ্ভত অতুল বৰাই কয়, ‘‘ কংগ্ৰেছে বহুত নাটক কৰে । তদন্তৰ পিচতহে জানিব পাৰিম প্ৰকৃততে কি হৈছিল ।"

লগতে পঢ়ক: অতুল বৰায়ো নাজানে অগপই ক’ৰ পৰা লোকসভা নিৰ্বাচন খেলিব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.