চচলৰ ধৰ্ণাস্থলীত ৰন্ধনকৰ্মীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:21 PM IST

thumbnail

গুৱাহাটী,৬ ফেব্ৰুৱাৰী: নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি পাকঘৰ এৰি পুনৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজনৰ শ শ ৰন্ধন কৰ্মচাৰী । অসম বিধান সভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ৰান্ধনকৰ্মীসকলৰ মাহিলী পাৰিতোষিক বৃদ্ধিৰ দাবীত পুনৰ উত্তাল কৰি তোলে চচলৰ ধৰ্ণাস্থলী । চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধি আদিকে ধৰি আন কেতবোৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰি মঙলবাৰে সদৌ অসম মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত গুৱাহাটী চচলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।  

দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই সহস্ৰাধিক মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকাই অংশগ্ৰহণ কৰি মাননী নিয়মীয়াকৈ আদায় দিয়া, ১৫০০ নহয়, নূন্যতম মজুৰি ১০ হেজাৰ টকা আদায় দিয়া, বছৰৰ ১২ মাহৰ বাবে মাননী প্ৰদান কৰাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । 

লগতে পঢ়ক: চৰকাৰৰ প্ৰতি কিহৰ ক্ষোভ উজনি অসম বাছ মালিক সন্থাৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.