ETV Bharat / state

চৰকাৰৰ প্ৰতি কিহৰ ক্ষোভ উজনি অসম বাছ মালিক সন্থাৰ ?

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 4:03 PM IST

বাজেট অধিৱেশন চলি থকাৰ মাজতে চৰকাৰৰ প্ৰৱঞ্চনা উদঙাই দিছে উজনি অসম বাছ মালিক সন্থাই ৷ চৰকাৰী কাৰ্যসূচীত বাহন যোগান ধৰি ৬০ লাখতকৈ অধিক ধন নাপালে উজনি অসম বাছ মালিক সন্থাই ৷ ধন নাপালে লোকসভা নিৰ্বাচনত চৰকাৰৰ লগত সহযোগিতা নকৰে উজনি অসম বাছ মালিক সন্থাই ৷

press meet
উজনি অসম বাছ মালিক সন্থাৰ সংবাদমেল
মালিক সন্থাৰ ক্ষোভ

ডিব্ৰুগড়, 6 ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে চৰকাৰৰ প্ৰৱঞ্চনা উদঙাই দিছে উজনি অসম বাছ মালিক সন্থাই । মঙলবাৰে ডিব্ৰুগড়ৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি চৰকাৰী বিভাগৰ প্ৰতাৰণা ৰাজহুৱা কৰিলে বাছৰ মালিকসকলে । উজনিৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন চৰকাৰী কাৰ্যসূচীত বাছ অধিগ্ৰহণ কৰি টকা নিদিলে চৰকাৰে ।

চৰকাৰী কাৰ্যসূচীত বাহন যোগান ধৰি ৬০ লাখতকৈ অধিক ধন নাপালে উজনি অসম বাছ মালিক সন্থাই । বিহুৰ বিশ্ব অভিলেখ, মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ, অৰুণোদয় আঁচনি, অমৃত বৃক্ষ ৰোপণ আঁচনি ৰূপায়ণৰ বাবে চৰকাৰে কোটি কোটি টকা ধন খৰচ কৰাৰ কথা বিজ্ঞাপনত প্ৰকাশ কৰিছে । কিন্তু এই আঁচনিসমূহৰ সফল ৰূপায়ণ কৰিবলৈ নাচনি, হিতাধিকাৰী কঢ়িয়াই অনা শ শ বাছক বছৰৰ পাচত বছৰ ধন নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে আজি সংবাদমেলৰ জৰিয়তে উজনি অসম বাছ মালিক সন্থাই ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ পৰা নিয়ন্ত্ৰণ হোৱা এই প্ৰতিক্ৰিয়াত ২০২১ চনৰ পৰা ২০২৪ পৰ্যন্ত উজনি অসমৰ প্ৰায় ৪০০ খন বাছক আজি পৰ্যন্ত প্ৰায় ৬০ লাখৰো অধিক বকেয়া ধন মোকলাই দিয়া নাই চৰকাৰে । ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়াসকলে প্ৰথম অৱস্থাত বাছসমূহ ব্যৱহাৰ কৰোতে ধন মজুত আছে বুলি কৈছিল যদিও বৰ্তমান সময়ত চৰকাৰে ধন মোকলাই দিলে ধন লাভ কৰিব বুলি কৈ সদায় দায় সৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে উজনি অসম বাছ মালিক সন্থাই । পাবলৈ থকা ধন লাভ নকৰিলে লোকসভা নিৰ্বাচনৰ লগতে কোনো চৰকাৰী কাৰ্যসূচীত চৰকাৰৰ লগত সহযোগিতা নকৰে বুলিও উজনি অসম বাছ মালিক সন্থাই ঘোষণা কৰিলে সংবাদমেলত ।

লগতে পঢ়ক : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াক চূড়ান্ত অপমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.