ধেমাজিৰ ঐতিহাসিক হাবুঙত পৰম্পৰা অনুসৰি মে ডাম মে ফি পালন

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 7:51 PM IST

thumbnail

ধেমাজি, 31 জানুৱাৰী: আজি টাই আহোমসকলৰ পবিত্ৰ মে ডাম মে ফি ৷ উপৰিপুৰুষসকলক কৰা স্মৰণ আৰু শ্ৰদ্ধা তৰ্পণৰ পবিত্ৰ অনুষ্ঠান মে ডাম মে ফি আজি ধেমাজিতো উৎসাহ উদ্দীপনাৰে পালন কৰা হয় ৷

স্বৰ্গদেউ ছ্যু-কা-ফাৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃত আৰু পৰিচিত ধেমাজিৰ ঐতিহাসিক হাবুঙত পুৱাৰে পৰা ৰাইজৰ লানি নিছিগা সোঁত দেখা যায় ৷ হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত মে ডাম মেফিৰ চাওৰেনত টাই আহোম সম্প্ৰদায়ৰ লোকসকলে পূজা-অৰ্চনা কৰাৰ বাবে ভিৰ কৰা দেখা যায় ৷

ইপিনে মৈদাম তৰ্পণৰ পিছতে মে ডাম মে ফিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু অস্থায়ী চাওৰেনত মূল পূজা আৰম্ভ হয় ৷ ইফালে দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত অসমৰ কেবাগৰাকীও বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে মে ডাম মে ফিৰ স্মৰণিকা উন্মোচন কৰা হয় ৷

লগতে পঢ়ক: তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সৌজন্যত কেন্দ্ৰীয় মে-ডাম-মে-ফি উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.