ETV Bharat / state

তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সৌজন্যত কেন্দ্ৰীয় মে-ডাম-মে-ফি উদযাপন

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 5:56 PM IST

Me Dam Me Phi in Assam: শ্ৰীপুৰীয়াৰ ছ্যু-কা-ফা নগৰত আজি মে-ডাম-মে-ফী উদযাপন কৰা হয় । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে অংশগ্ৰহণ কৰি এই দিৱসৰ বিষয়ে ব্য়াখ্য়া কৰে ।

Me Dam Me Phi in Assam
মে-ডাম-মে-ফী উদযাপন
মে-ডাম-মে-ফী উদযাপন

তিনিচুকীয়া, ৩১ জানুৱাৰী: আজি পবিত্ৰ মে-ডাম-মে-ফি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আহোম জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে মে-ডাম-মে-ফি । আজি তিনিচুকীয়া শ্ৰীপুৰীয়াৰ ছ্যু-কা-ফা নগৰস্থিত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰতো তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সৌজন্যত কেন্দ্ৰীয় মে-ডাম-মে-ফি পালন কৰা হয় । পৰম্পৰাগতভাৱে আয়োজন কৰা দিনজোৰা কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ৷

আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ দিনৰে পৰাই অসমত টাই-আহোম সকলে নিৰ্দিষ্ট নিয়ম-নীতিৰে উপৰিপুৰুষ সকলৰ পূজা অৰ্থাৎ মে-ডাম-মে-ফি পালন কৰাৰ কথা বুৰঞ্জীত পোৱা যায় । আহোম সকলে স্থাপন কৰা অসমৰ প্ৰথম ৰাজধানী চৰাইদেউত সম্পূৰ্ণ ৰাজকীয় পৃষ্ঠপোষকতাত তেওঁলোকৰ পূৰ্বপুৰুষ পুলিন-পুথাও সকলৰ স্মৃতিত মে-ডাম-মে-ফি ধৰ্মীয় অনুষ্ঠানটি পালন কৰাৰ কথাও বুৰঞ্জীত উল্লেখ আছে । ইয়াৰ উপৰি আহোম স্বৰ্গদেউসকলে বিভিন্ন মাংগলিক কাৰ্যতো জাতীয় জীৱনৰ প্ৰাণ সদৃশ মে-ডাম-মে-ফি উৎসৱটো পালন কৰিছিল । আহোমসকলক একতা আৰু ভাতৃত্বৰ ডোলেৰে বান্ধি ৰখাৰ লগতে অসমীয়া জাতীয় ঐক্য আৰু সমন্বয় সাধনতো মে-ডাম-মে-ফিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ।

পূৰ্ব পুৰুষক শ্ৰদ্ধা জনোৱা মে-ডাম-ম-ফিয়ে প্ৰতিফলিত কৰে আহোম সকলৰ লোকবিশ্বাস, ধৰ্ম -চিন্তা আৰু সংস্কৃতিৰ বিষয়ে । আহোম ভাষাত 'মে ' মানে পূজা-পাৰ্বণ, 'ডাম' মানে মৃতক আৰু 'ফি' হ'ল দেৱতা । অৰ্থাৎ পূৰ্বপুৰুষ আৰু দেৱতাৰ পূজা । লোকবিশ্বাস মতে, মৃত্যুৰ পাছত লোক সকল দেৱতা হয় আৰু স্বৰ্গত বাস কৰে । মৃত ব্যক্তি সকলে প্ৰথমতে স্বৰ্গত ' ডাম ' নামৰ এটি অৱস্থা পায় আৰু পাছলৈ 'ফি' অৰ্থাৎ প্ৰকৃত দেৱতা হয় । এই ডাম আৰু ফি সকলে তেওঁলোকৰ পৃথিৱীত থকা সন্তান সকলক বিপদ বিঘিনীৰ পৰা ৰক্ষা কৰি সুপথত চলি থাকিবলৈ সহায় কৰাৰ ফলত তেওঁলোকৰ সন্তান সকলে সুখ-শান্তিৰে জীৱন নিৰ্বাহ কৰি আহিছে । কালক্ৰমত ৩১ জানুৱাৰীত অনুষ্ঠিত হোৱা পৰম্পৰাগত নীতিনিয়মেই টাই-আহোম সকলৰ বিখ্যাত মে-ডাম-মে-ফী ।

লগতে পঢ়ক:শিৱসাগৰত মে ডাম মে ফি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.