ETV Bharat / state

শিৱসাগৰত মে ডাম মে ফি পালন

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 3:49 PM IST

Me Dam Me Phi: আজি টাই আহোমসকলে পুলিন-পুথাওক সোঁৱৰণ কৰি উচৰ্গা কৰা সেৱা-পূজাৰ অনুষ্ঠান মে ডাম মে ফি । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক শিৱসাগৰতো আয়োজন কৰা হয় মে ডাম মে ফি ৷

Sivasagar News
শিৱসাগৰত মে ডাম মে ফি পালন

শিৱসাগৰত মে ডাম মে ফি পালন

শিৱসাগৰ, 31 জানুৱাৰী: আজি মে ডাম মে ফি । টাই আহোমসকলৰ পুলিন-পুথাওক সোঁৱৰণ কৰি উচৰ্গা কৰা সেৱা-পূজাৰ অনুষ্ঠান মে ডাম মে ফি । মৃত্যুৰ পাছত আত্মীয়-কুটুম্বৰ পৰা সেৱা-পূজা আগবঢ়োৱাৰ পাছত মৃতক 'ফি' অৰ্থাৎ দেৱতালৈ পৰিৱৰ্তিত হয় বুলি টাই আহোমসকলে বিশ্বাস কৰে । সেয়েহে প্ৰতি বছৰে ৩১ জানুৱাৰী তাৰিখে তেওঁলোকৰ পূৰ্বজসকলক সুঁৱৰি 'মে ডাম মে ফি' উদযাপন কৰে ।

এই সেৱা-পূজা আগবঢ়োৱাৰ বাবে অস্থায়ী দেওশাল নিৰ্মাণ কৰি আঠখন শৰাই পাতি লেংডনকে প্ৰমুখ্য কৰি আঠগৰাকী 'ফি' অৰ্থাৎ দেৱতাক পূজা আগবঢ়ায় । পূৰ্ব-পুৰুষসকলক সুঁৱৰি কৰা এই পূজাত জীৱিত আত্মীয়সকলৰ সুৰক্ষা, সমৃদ্ধি আৰু শান্তি কামনা কৰা হয় । উল্লেখযোগ্য যে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাৰ বাবে অহা চাওলুং চ্যুকাফাই প্ৰথম মে ডাম মে ফি আয়োজন কৰিছিল ।

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আজি ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস বহন কৰা শিৱসাগৰ জিলাতো ব্যাপক উৎসাহ উদীপনা-পৰম্পৰাগত ৰীতি-নীতিৰে মে ডাম মে ফিৰ আয়োজন কৰা হয় । শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগনত আজি কেন্দ্ৰীয়ভাৱে মে ডাম মে ফিৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰি বানফি আৰু ফুৰালুং পূজাৰ অনুষ্ঠিত কৰা হয় ।

মে ডাম মে ফি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে চিত্ৰাংকণ প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী আদিৰো আয়োজন কৰা হৈছিল । কাৰ্যসূচীৰ অংশৰূপে পুৱা পতাকা উত্তোলনৰ পাছত মৈদাম তৰ্পণ আদি অনুষ্ঠানৰ পাছতে মে ডাম মে ফিৰ মূল মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । আজিৰ অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ আছিল ‘সম্প্ৰীতিৰ এসাঁজ’ কাৰ্যসূচী ।

উক্ত কাৰ্যসূচীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে একেলগে বহি এখন বিশাল থালত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে । এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন জাতি, ধৰ্ম, জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ প্ৰচেষ্টা চলোৱা বুলি আয়োজক সমিতিয়ে প্ৰকাশ কৰে । পূৰ্ব পুৰুষক সোঁৱৰণ কৰা এই অনুষ্ঠানত আজি শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈ, নগৰৰ বহু সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.