ETV Bharat / state

আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 2:22 PM IST

আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন
আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন

Me dam me phi 2024: আমগুৰিৰ ৰঘুতলত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লগতে ফুৰালুঙ সংঘই উদযাপন কৰিছে মে-ডাম-মে-ফি ৷ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ উদ্দেশ্যৰে পালন কৰা হয় এই উৎসৱৰ ৷

আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন

আমগুৰি, 31 জানুৱাৰী: আজি সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফি । সমগ্ৰ অসমতে টাই আহোম জনগোষ্ঠীয় লোকসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ উদ্দেশ্যৰে পালন কৰে এই পবিত্ৰ মে-ডাম-মে-ফি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰিতো পালন কৰা হৈছে পৱিত্ৰ মে-ডাম-মে-ফি ৷ আমগুৰিৰ ৰঘুতলত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লগতে ফুৰালুঙ সংঘই উদযাপন কৰিছে মে-ডাম-মে-ফি ৷

টাই পণ্ডিতে উপৰি পুৰুষক স্মৰণ কৰিবৰ কাৰণে 10 খনকৈ মেহেঙা পাতি টাই আহোম পৰম্পৰাৰে পূজা-পাতল কৰি বিশ্ব শান্তিৰ বাবে কামনা কৰে । মে-ডাম-মে-ফিৰ অৰ্থ হ’ল-“মে” মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, “ডাম”- মানে মৃতক আৰু “ফী”- মানে হ’ল দেও বা দেৱতা । টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰিপুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আৰ্শীবাদ প্ৰদান কৰে বুলি জনবিশ্বাস আছে । মে-ডাম-মে-ফি ধৰ্মীয় অনুষ্ঠানতে চাওফী (পূৰ্ব-পুৰুষসকল) আৰু ’ডাম চাও-ফী’ সকলক পূজা কৰা হয় ।

টাই পণ্ডিতে দহখনলৈ মেহেঙা পাতি ধূপ-দীপ-নৈবদ্য, বৰা চাউল, কুকুৰা, কুকুৰা কণী, লোকলাওকে ধৰি অন্যান্য নৈবদ্য অৰ্পণ কৰি দহজনকৈ দেৱতাক পূজা আগবঢ়ায় । এই দহজন দেৱতা হ'ল খাও খাম, আই লেং দিন, জা চিং ফা, জান-চাই-হাং, লেংদন, চিট-লাম-চাম, মুট-কাম টাই-কুম, ডাম চাও ফী,ৰা-খিম, বা-খিন । টাই এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচাৰে । অন্যান্য পৰম্পৰাৰ দৰে মে-ডাম-মে-ফি পালনৰ বাবেও নীতি-নিয়ম আছে যাক টাই আহোম ভাষাত "খয়েক লাই" বুলি জনা যায় ৷

আমগুৰিৰ ৰঘুতলত সদৌ তাই আহোম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে স্থানীয় লোকৰ সহযোগত মে-ডাম-মে-ফি অনুষ্ঠান পালন কৰি আহিছে । উল্লেখ্য যে, চুকাফাই অসমলৈ অহাৰ পথত ঈৰাৱতী নৈ পাৰ হৈয়েই ’মে ডাম মে ফি ’ উদযাপন কৰিছিল । নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন প্ৰৱৰ্ত্তন কৰিবলৈ পূৰ্বপুৰুষ, লেংদন আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপত বুঢ়ী দিহিঙৰ পাৰত তেওঁ আকৌ ’মে ডাম মে ফি ’পাতিছিল । এই পূজাৰ পিছত তেওঁ চৰাইদেউৰ নামনি ভাগত লাঙটেওকাটত ’মে ডাম মে ফি ’ পাতে ।

চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্বপুৰুষ আৰু দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি স্বৰ্গদেৱে ’মে ডাম মে ফি ’ পাতিছিল । পিছৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত ’মে-ডাম-মে-ফি ’ পাতিছিল । চ্যুহুং-মুঙে (দিহীঙ্গীয়া ৰজাই) (শাসনকাল 1497-1539) চুতীয়া আৰু কছাৰীসকলক পৰাজয় কৰাৰ পিছত ৰাজ্যজুৰি ’মে-ডাম-মে-ফি ’ আৰু ৰিখন উৎসৱ পাতিছিল । চুখামফা (খোৰাৰজাই) কোঁচসকলৰ লগত সন্ধি স্থাপন হোৱাৰ লগে লগে মে-ডাম-মে-ফি পাতিছিল । কছাৰীসকল আৰু মোগলক পৰাস্ত কৰি চ্যু-ক্লে-মুঙ (গড়-গঙা ৰজা) (1539-1552) স্বৰ্গদেৱেও মে-ডাম-মে-ফি উদযাপন কৰিছিল ।

চ্যু-চেংফা (প্ৰতাপ সিংহ) (1603-1641) কছাৰী দমনৰ বাবে আৰু মোগলৰ লগত যুঁজ দিয়াৰ আগতে আৰু যুদ্ধত জিকি উলহ-মালহেৰে এই ধৰ্মীয় উৎসৱ তিনিবাৰকৈ পালন কৰিছিল ।এনেদৰে দেখা যায় টাই আহোমসকলৰ পৱিত্ৰ মে-ডাম-মেফি অনুষ্ঠান চ্যুকাফাই অসমত ভৰি দিয়াৰ পিছৰপৰাই প্ৰজা আৰু ৰাজ্যৰ সুখ-সমৃদ্ধিৰ কাৰণে আয়োজন কৰি আহিছিল । সেই পৰম্পৰা আৰু পূৰ্বপুৰুষক সুঁৱৰি আজিও টাই আহোমসকলে বিভিন্ন স্থানত মে-ডাম-মে-ফি অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে ।

লগতে পঢ়ক: ঐতিহাসিক হাবুঙত মে-ডাম-মে-ফি প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.