জোনাইত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ব্য়ৱসায়িক প্ৰতিষ্ঠান

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 10:04 PM IST

thumbnail

জোনাই ,২৭ ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ জোনাইৰ ঐৰামঘঠত সোমবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত এখন দোকানসহ এটা গৃহ ভস্মীভূত হয় । জোনাইৰ কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐৰামঘাটত গোপাল ছেত্ৰীৰ নামৰ লোকজনৰ বাসগৃহত সোমবাৰে নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় লক্ষাধিক টকাৰ সম্পত্তি । লোকজনৰ দোকানৰ মুধচৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

ইপিনে, স্থানীয় লোকে এই সন্দৰ্ভত উল্লেখ কৰা মতে, বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হৈ নিমিষতে বিয়পি পৰে ৷ স্থানীয় ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও সক্ষম নোহোৱাত জোনাই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । পিচত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:শ্ববে বৰাতৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত অঘটন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.