জোনাইত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ব্য়ৱসায়িক প্ৰতিষ্ঠান - বিধ্বংসী অগ্নিকাণ্ড

🎬 Watch Now: Feature Video

thumbnail
ঐৰামঘঠত অগ্নিকাণ্ডৰ ঘটনা (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 10:04 PM IST

1 Min Read
Choose ETV Bharat

জোনাই ,২৭ ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ জোনাইৰ ঐৰামঘঠত সোমবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত এখন দোকানসহ এটা গৃহ ভস্মীভূত হয় । জোনাইৰ কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐৰামঘাটত গোপাল ছেত্ৰীৰ নামৰ লোকজনৰ বাসগৃহত সোমবাৰে নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় লক্ষাধিক টকাৰ সম্পত্তি । লোকজনৰ দোকানৰ মুধচৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

ইপিনে, স্থানীয় লোকে এই সন্দৰ্ভত উল্লেখ কৰা মতে, বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হৈ নিমিষতে বিয়পি পৰে ৷ স্থানীয় ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও সক্ষম নোহোৱাত জোনাই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । পিচত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:শ্ববে বৰাতৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত অঘটন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details