শ্ববে বৰাতৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত অঘটন

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 5:24 PM IST

thumbnail

ৰঙিয়া, 26 ফেব্ৰুৱাৰী : ৰঙিয়াৰ সমীপৰ ঢেপাৰগাঁৱত বিধ্বংসী অগ্নিকাণ্ড । দপদপকৈ জ্বলি উঠিল এখন ব্যক্তিগত বিদ্যালয় আৰু কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান । জুইৰ লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে আৱৰি ধৰিলে চাৰিওফাল । স্থানীয় ৰাইজে যিয়ে যেনেকৈ পাৰে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায় । কোনোৱে যদি পানী চটিয়াইছে, আন কোনোৱে আকৌ বালি চটিয়াইছে যদিও জুই প্ৰকোপ কম হোৱা নাছিল । যাৰ ফলত জ্ঞান দৰ্শন নামৰ জাতীয় বিদ্যালয়খনৰ ৬ টাকৈ কোঠালী সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে ওচৰতে থকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় অগ্নিকাণ্ডত ।

ইফালে অগ্নিকাণ্ডৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও চকুৰ সন্মুখতে ঢেপাৰগাঁৱৰ জ্ঞান দৰ্শন নামৰ জাতীয় বিদ্যালয়খনৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যোৱাত দুখত ভাগি পৰে স্বত্বাধিকাৰীসকল । বিদ্যালয়খনত বছৰেকীয়া পৰীক্ষাও চলি আছিল বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী নুৰ জামাল আলীয়ে । এই জুইত বিদ্যালয়খনৰ প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জাহ যায় বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । কিহৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হয় সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : বৰক্ষেত্ৰীত বিধ্বংসী অগ্নিকাণ্ড; কেবা লক্ষাধিক টকাৰ সা সম্পত্তি ধ্বংস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.