বাক্সাৰ সুৱণখাটাত অগ্নিকাণ্ডৰ ঘটনা

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 9:40 PM IST

thumbnail

বাক্সা, 25 জানুৱাৰী : বাক্সাৰ সুৱণখাটাত ভ‌য়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ এই ঘটনাত লক্ষাধিক টকাৰ সম্পতি জুইত জাহ যায় বুলি জানিব পৰা গৈছে ৷  

সুৱণখাটা চ'কৰ ব্যৱসায়ী মনি বড়ো আৰু ভৱেন হালৈ নামৰ ব্যক্তি দুজনৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডত প্ৰায় 25 লক্ষাধিক টকাৰ সামগ্ৰী জাহ যায় বুলি অনুমান কৰা হৈছে ৷  

বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত কোনো কথা জানিব পৰা হোৱা নাই ৷ জুয়ে নিমিষতে চাৰখাৰ কৰে ঘৰ দুটা ৷ ইফালে ঘটনাস্থলীৰ নিচেই ওচৰতে চলি আছে ভাৰত-ভূটান বন্ধুত্ব মেলা ৷ অগ্নিকাণ্ডৰ ঘটনাত স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে ৷ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও সময়মতে আহি নোপোৱাৰ অভিযোগ কৰে স্থানীয় লোকে ৷ স্থানীয় লোকেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ 

লগতে পঢ়ক : পানী গুলপীয়া কৰি হাত দাঙিলে গাঁওবুঢ়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.