পানী গুলপীয়া কৰি হাত দাঙিলে গাঁওবুঢ়াই

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 8:30 PM IST

thumbnail

ৰঙিয়া, 25 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই থকাৰ মাজতে এইবাৰ ৰঙিয়াত চলিল  দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত গাঁওবুঢ়া । এইবাৰ পানী গুলপীয়া কৰি হাত দাঙিলে ৰঙিয়াৰ কুমাৰপাটা গাঁৱৰ গাঁওবুঢ়াই । প্ৰমাণপত্ৰ দিয়াৰ বাবদ পইচা লৈ ৰোষত পৰিল মনোৱাৰ ইছলাম নামৰ গাঁওবুঢ়াজন । ৰঙিয়া কুমাৰপাতা চতশিল গাঁৱৰ গাঁওবুঢ়া মনোৱাৰ ইছলাম । 

গাঁওবুঢ়াগৰাকীয়ে VLMC ৰিপোৰ্ট দিয়াৰ বাবদ এগৰাকী লোকৰ পৰা লৈছিল তিনি হাজাৰ টকা । মাটিৰ শ্ৰেণী পৰিৱৰ্তনৰ নামত প্ৰযোজ্য হয় এই VLMC ৰিপোৰ্ট । দুৰ্নীতি নিবাৰক শাখাই ধৃত গাঁওবুঢ়াজনক বহু সময় ধৰি ৰঙিয়া থানাত জেৰা চলায় । পিচত নিশাৰ ভাগত গাঁওবুঢ়া মনোৱাৰ ইছলামক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ ৰাওনা হয় ।

লগতে পঢ়ক: সৰুসজাইত ক্ৰীড়া প্ৰশিক্ষণ-ৰিহেবিলেটেচন চেণ্টাৰ মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.