নলবাৰীৰ কেকানকুছিত বিধ্বংসী অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:50 PM IST

thumbnail

নলবাৰী, ৩ মাৰ্চ : নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কেকানকুছিত আজি এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । গাঁওখনৰ জুমুৰ আলী নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । ভয়াৱহ অগ্নিকাণ্ডটোত জুমুৰ আলীৰ বাসগৃহ ভস্মীভূত হয় । অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত পৰিয়ালৰ কোনো সদস্য় ঘৰত নাছিল ।  

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীক এই বিষয়ে অৱগত কৰে । প্ৰায় দুই ঘন্টা ধৰি ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে । অগ্নিকাণ্ডৰ ফলত নগদ ধনৰ লগতে আ-অলংকাৰ, সা-সামগ্ৰীসহ প্ৰায় ৩৫ লাখ টকা মূল্যৰ সামগ্ৰী নষ্ট হয় ।

লগতে পঢ়ক:অৰুণাচলৰ অনিনিত অসমৰ শ্ৰমিক পৰিয়ালক অত্যাচাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.