মৰিগাঁৱৰ মাহতোলাবড়ীত অগ্নিকাণ্ড: জাহ গ’ল দুটাকৈ ঘৰ

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 9:57 PM IST

thumbnail

মৰিগাঁও, 6 মাৰ্চ : মৰিগাঁৱৰ মাহতোলাবড়ীত ভয়ংকৰ অগ্নিকাণ্ড ৷ বুধবাৰে মৰিগাঁও জিলাৰ কলমৌবাৰীত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত দুটাকৈ বাসগৃহ ভষ্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত কলমৌবাৰী মাহতোলাবড়ী গাঁৱৰ ধন আলী ওৰফে নেকিবুৰ ৰহমান আৰু জেহিৰুল ইছলামৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷

এই অগ্নিকাণ্ডৰ ঘটনাত দুয়োজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷ স্থানীয় ৰাইজে জনোৱা মতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে মিকিৰভেটা ৰাজহ চক্ৰৰ সৈতে যোগাযোগ কৰাত ৰাজহ চক্ৰ বিষয়াই অগ্নি নিৰ্বাপক বাহিনীক ততাতৈয়াকৈ প্ৰেৰণ কৰে যদিও সকলো সা-সম্পত্তি জুইত ভষ্মীভূত হয় ৷ ঘটনাত কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত ভষ্মীভূত হোৱাৰ ফলত দৰিদ্ৰ পৰিয়াল দুটালৈ অন্ধকাৰ নামি আহিছে ৷ 

লগতে পঢ়ক : মোদীৰ সভালৈ পানী যোৱা জল জীৱন আঁচনিৰ পাইপ ফুটিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.