ডিব্ৰুগড়ৰ পৰা 4 সুদখোৰক আটক - লাহোৱালৰ গ্ৰীণউদ চাহ বাগিচা

🎬 Watch Now: Feature Video

thumbnail
সুদখোৰৰ বিৰুদ্ধে অভিযান (undefined)

By ETV Bharat Assamese Team

Published : February 24, 2024 at 1:52 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 24 ফেব্ৰুৱাৰী : মাটি দালালৰ পাচত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সুদখোৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ কৰিছিল অভিযান । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীৰ জালত পৰিছে কেইবাজনো সুদখোৰ । ইয়াৰ মাজতে শুকুৰবাৰে বিয়লি ডিব্ৰুগড়ৰ লাহোৱালত দুজন সুদখোৰক আটক কৰে লাহোৱাল আৰক্ষীয়ে ।  

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি ভাগত অভিযান চলাই লাহোৱালৰ গ্ৰীণউদ চাহ বাগিচাৰ বিৰাজ দাস আৰু মাইজান চাহ বাগিচাৰ পকা লাইনৰ ৰতন কুৰ্মীক আটক কৰে আৰক্ষীয়ে । বিৰাজ দাসৰ বাসগৃহৰ পৰা লাহোৱাল আৰক্ষীয়ে বহু টকা আৰু বহু নথি পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় । দুইজনে চাহ বাগিচা অঞ্চলত দীৰ্ঘদিন ধৰি ‘সুদ’ৰ বেপাৰ চলাই আহিছিল ৷ এই বেপাৰৰ বিষয়ে আৰক্ষীয়ে খবৰ লাভ কৰি চলোৱা অভিযানত বিৰাজ দাস আৰু ৰতন কুৰ্মীক আটক কৰে ৷

ইয়াৰ পাচতে একে দিনা নিশা মৰাণত দুই সুদখোৰক আটক ৷ মৰাণ আৰক্ষীয়ে আটক কৰিছে মৰাণ মিৰিহোলাৰ মন্টু বৰুৱা আৰু মৰাণ হাটখোলাৰ পাপু দে নামৰ দুই সুদখোৰক ৷ দুয়োৰে পৰা যথেষ্ঠ পৰিমাণৰ আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : মিছন সুদখোৰ, তিনি সুদখোৰ আটক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details