মনোজ ধনোৱাৰ আৰু আপৰ ৰাজ‍্যিক সভাপতি ভৱেন চৌধুৰীক আটক - AAP protest in Assam

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 3:23 PM IST

thumbnail

মৰাণ, 21 মাৰ্চ : বৃহস্পতিবাৰে দিল্লীৰ মুখ‍্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতেই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো আপৰ নেতা কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । শুকুৰবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত বিজেপিৰ জিলা মুখ্য কাৰ্যালয়ত আপৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব‍্যস্ত কৰে ৷ 

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰাৰ লগতে আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধনোৱাৰ আৰু আপৰ ৰাজ‍্যিক সভাপতি ভৱেন চৌধুৰী আৰু কেন্দ্ৰীয় নেতা ৰাজেশ শৰ্মাকে ধৰি শতাধিক নেতাক আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা আটক কৰে । 

এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আপৰ নেতৃত্বই। 

লগতে পঢ়ক:দিল্লীৰ সুৰা নীতি কেলেংকাৰী কি ? - Delhi CM Arvind Kejriwal arrested

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.