গহপুৰৰ ডিপৰাত গঁড়ৰ মুক্ত বিচৰণ, আহত এজন

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:06 PM IST

thumbnail

বিশ্বনাথ, 6 ফেব্ৰুৱাৰী: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ ডিপৰাত এটা গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ আছে অঞ্চলটোৰ ৰাইজ । মঙলবাৰে পুৱা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা গঁড়টোৱে আক্ৰমণ কৰে পদুম বৰা নামৰ এজন যুৱকক ।

গঁড়ৰ আক্ৰমণত আহত যুৱকজন বৰ্তমান গহপুৰ অসামৰিক চিকিৎসালয়লত চিকিৎসাধীন হৈ আছে ৷ উল্লেখ্য যে বৰ্তমান গঁড়টো কল্যাণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পুখুৰীত সোমাই আছে  । ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গমিৰিৰ ৰেঞ্জাৰ প্ৰাঞ্জল গগৈৰ নেতৃত্বত বন বিভাগৰ এটা দলে গঁড়টো খেদি পঠিয়াবৰ বাবে চেষ্টা চলাই আছে যদিও এইপৰ্যন্ত খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই  ।

উল্লেখ্য যে পুখুৰীটোৰ চাৰিওফালে স্থানীয় লোকৰ বাসগৃহই আগুৰি আছে ৷ ৰাইজে ভিৰ কৰি থকাৰ বাবে গঁড়টো খেদি পঠিওৱাত বন বিভাগৰ লোক অসুবিধা সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত দুজন বনকৰ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.