কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত দুজন বনকৰ্মী

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 12:44 PM IST

thumbnail

গোলাঘাট, 5 ফেব্ৰুৱাৰী :  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ ত্ৰাস ৷ কেতিয়াবা যদি গঁড়ে পৰ্যটকৰ গাড়ীলৈ গঁড়ে চোঁচা লৈছে, কেতিয়াবা আকৌ অৱৰোধ কৰিছে পথ । আজিৰ পৰা প্ৰায় দুদিনৰ পূৰ্বে লম্বোৰাম বৰা নামৰ এজন লোকক গঁড়ে আক্ৰমণ কৰি আহত কৰে ৷ এইবাৰ আকৌ স্বয়ং বনকৰ্মীক আক্ৰমণ কৰে গঁড়ে ।

সোমবাৰে কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ বৰাকটা শিবিৰলৈ গৈ থকা অৱস্থাত গঁড়ে আক্রমণ কৰে দুজন বনকৰ্মীক । আহত বনকৰ্মী কেইজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰাকটা শিবিৰৰ জয়ন্ত হাজৰিকা আৰু তনুজ বৰা বুলি জানিব পৰা গৈছে । খাদ্য সামগ্ৰী বজাৰ কৰি শিবিৰলৈ বুলি গৈ থকা অৱস্থাত গঁড়ে খেদি আহি উপৰ্যুপৰি আক্ৰমণ কৰে দুয়োগৰাকী বনকৰ্মীক ।

ইয়াৰ পিচতে আহত দুয়োকে ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসায়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷ 

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, খৰ্গ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.