ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, খৰ্গ উদ্ধাৰ

Poacher arrested: গোলাঘাট আৰক্ষীৰ বৃহৎ সাফল্য । দুধৰ্ষ গঁড় চিকাৰী জগু পেগুক গ্ৰেপ্তাৰ । ২২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে নিধন কৰিছিল গঁড় ।

Kaziranga National Park
গোলাঘাট আৰক্ষীৰ বৃহৎ সাফল্য
author img

By ETV Bharat Assamese Team

Published : January 27, 2024 at 8:32 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ২৭ জানুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ হৈছে গঁড়ৰ খৰ্গ । গঁড় নিধন কাণ্ডৰ এসপ্তাহৰ ভিতৰতে গঁড়ৰ খৰ্গৰ লগতে অস্ত্ৰ উদ্ধাৰ কৰা হয় । এই তথ্য সদৰী কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী সোণালী ঘোষে । আৰক্ষী আৰু বন বিভাগে জাগু পেগু নামৰ চিকাৰীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৬ জানুৱাৰীত এটা গঁড়ৰ খৰ্গ, নাকৰ হাড় আৰু এ কে ছিৰিজৰ ৰাইফল উদ্ধাৰ কৰা বুলি ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী সোণালী ঘোষে কয় ।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত ২৬১৩ টাতকৈও অধিক গঁড় আছে । যোৱা এবছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰ্ধক্য আৰু বানপানীৰ দৰে প্ৰাকৃতিক কাৰণত মৃত্যু হোৱা খৰ্গ অক্ষত থকা ৭৯টা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বন বিভাগে । ইয়াৰ মাজতেই যোৱা ২১ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পোৱাৰ সুযোগ লৈ চোৰাংচিকাৰীয়ে দুবাৰকৈ গঁড়ৰ ওপৰত আক্ৰমণ কৰিবলৈ সক্ষম হয় ।

এ কে ছিৰিজৰ ৰাইফলৰে পূব ৰেঞ্জ অগৰাতলীত একেদিনাই দুটা গঁড় হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী সোণালী ঘোষে । খৰ্গবিহীন গঁড়ৰ মৃতদেহ যোৱা ২২ জানুৱাৰীৰ পুৱাৰ ভাগত উদ্ধাৰ হোৱাৰ পিচত এক কিলোমিটাৰ দূৰত্বৰ দ্বিতীয়টো গঁড়ৰ মৃতদেহ বন বিভাগৰ লোকে প্ৰত্য়ক্ষ কৰে । ইপিনে, দ্বিতীয়টো গঁড়ৰ খৰ্গ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিভাগে । উদ্যান কৰ্তৃপক্ষই এ কে ৰাইফলৰ সহায়ত গঁড় চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ উদ্যানখনত টহল বৃদ্ধি কৰিছে ।

মণিপুৰী এজন কুকি সম্প্ৰদায়ৰ লোকৰ সৈতে মিলি জগু পেগু এণ্ড কোম্পানীয়ে ২২ জানুৱাৰীৰ আবেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰ এলেকাত নিধন কৰিছিল এজনী গঁড় । বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিয়াগোম বন বিভাগৰ নিৰাপত্তা বেষ্টনী ভাঙি চোৰাং চিকাৰীৰ দলটোৱে নতুন বছৰৰ প্ৰথম মাহটোতে গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হ'বলৈ সক্ষম হয় ৷

লগতে পঢ়ক:গোলাঘাট আৰক্ষীৰ জালত দুধৰ্ষ গঁড় চিকাৰী জগু পেগু