গোলাঘাট আৰক্ষীৰ জালত দুধৰ্ষ গঁড় চিকাৰী জগু পেগু
Poacher arrested: দুধৰ্ষ গঁড় চিকাৰী জগু পেগুক গ্ৰেপ্তাৰ । এছ পি ৰাজেন সিঙৰ মাৰাথন জেৰাত বিস্ফোৰক স্বীকাৰোক্তি জগুৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰ এলেকাত নিধন কৰিছিল এজনী গঁড় ।

Published : January 27, 2024 at 6:15 PM IST
গোলাঘাট,২৭ জানুৱাৰী: গোলাঘাট আৰক্ষীৰ বৃহৎ সাফল্য । দুধৰ্ষ গঁড় চিকাৰী জগু পেগুক গ্ৰেপ্তাৰ । ২২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে নিধন কৰিছিল গঁড় । অৱশেষত পুতি থোৱা অৱস্থাত বৰবালি গাঁৱত উদ্ধাৰ গঁড়ৰ খৰ্গ । এছ পি ৰাজেন সিঙৰ মাৰাথন জেৰাত বিস্ফোৰক স্বীকাৰোক্তি জগুৰ ।
মণিপুৰী এগৰাকী কুকি সম্প্ৰদায়ৰ লোকৰ সৈতে মিলি জগু পেগু এণ্ড কোম্পানীয়ে ২২ জানুৱাৰীৰ আবেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰ এলেকাত নিধন কৰিছিল এজনী গঁড় । বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিয়াগোম বন বিভাগৰ নিৰাপত্তা বেষ্টনী ভাঙি চোৰাং চিকাৰীৰ দলটোৱে নতুন বছৰৰ প্ৰথম মাহটোতে গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হ'বলৈ সক্ষম হয় ৷
ইয়াৰ পাছতে চোৰাং চিকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰে বনবিভাগ আৰু আৰক্ষীয়ে । এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি ২৪ জানুৱাৰীত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চেতিয়া আৰু বনবিভাগৰ সহযোগত গঁড় হত্যাৰ মাষ্টৰ মাইণ্ড জগু পেগুক গ্ৰেপ্তাৰ কৰিছিল । মাষ্টাৰ মাইণ্ড জগু পেগুৰ বিৰুদ্ধে বোকাখাত থানাত কেচ ৰুজু কৰি আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ মাৰথন জেৰাত গঁড় চিকাৰী জগু পেগুৱে বহু বিস্ফোৰক স্বীকাৰোক্তি দিয়ে ।
বহু ব্যক্তিৰ নাম স্বীকাৰ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । তাৰপাছতে শুকুৰবাৰে নিশা এছ পি ৰাজেন সিং, বোকাখাত থানাৰ আৰক্ষী, বনবিভাগৰ বনকর্মীৰ উপস্থিতিত বৰবালি গাঁৱৰ ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাৰ পৰা জগুৱে নিজে খান্দি উলিয়াই এটা বৃহৎ আকাৰৰ গঁড় খৰ্গ । অৱশেষত ২২ জানুৱাৰীত নিধন কৰা গঁড়জনীৰ খৰ্গ, এটা AK-47 ৰাইফল বনবিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ।
উল্লেখযোগ্য যে মাষ্টাৰ মাইণ্ড জগু পেগুৱে স্বীকাৰোক্তিত গঁড় হত্যাত জড়িত কেইবাজনো লোকৰ নাম লৈছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে । অৱশ্যে শীঘ্ৰে বাকীসকলকো গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছে আৰক্ষীয়ে ।
লগতে পঢ়ক: কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

