ETV Bharat / state

কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:05 PM IST

Nagaland Coal mine tragedy: কয়লাখনিত অগ্নিকাণ্ড সংঘটিত হৈ নিহত হোৱা সকলৰ পৰিয়াল আৰু আহত সকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী ৷ মৃতকৰ বাসগৃহলৈ আহিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ৷

Nagaland Coal mine tragedy
নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী
নাগালেণ্ডৰ কয়লাখনিত নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

সৰুপথাৰ, 26 জানুৱাৰী : কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ বিভিন্ন কাৰণবশতঃ বিভিন্ন সময়ত অসমৰ শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনা কোনো নতুন কথা নহয় ৷ সময়ে সময়ে এনেধৰণৰ ঘটনা সঘটিত হৈ থকাৰ মাজতে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পুনৰ সংঘটিত হয় অনুৰূপ এক ঘটনা ৷ নাগালেণ্ডৰ কয়লাখনিত অগ্নিকাণ্ড সংঘটিত হৈ থিতাতে নিহত হয় অসমৰ 6 জনকৈ শ্ৰমিক ৷ 25 জানুৱাৰীত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা ৷ ঘটনাত গুৰুতৰভাৱে আহত হয় আন চাৰিজন শ্ৰমিক ৷

জানিব পৰা মতে এই ঘটনাত নিহত আৰু আহত আটাইকেইজন লোক গোলাঘাট জিলাৰ উৰিয়ামঘাট সীমান্তৰ নিবাসী ৷ কৃষিপ্ৰধান অঞ্চলটোত বিগত সময়ছোৱাত খেতি নোহোৱাৰ বাবেই পৰিয়াল পোহপালৰ বাবে বহিঃৰাজ্যত কাম কৰিবলৈ গৈছিল অঞ্চলটোৰ ব্যক্তিকেইজন ৷ ঘৰখনৰ উপাৰ্জনকাৰী মূল ব্যক্তিজন নিহত হোৱাত এতিয়া পৰিয়ালত শোকৰ ছাঁ পৰিছে ৷ ইফালে নাগালেণ্ডৰ কয়লাখনিত মৃত্যু হোৱা লোক কেইজনৰ বাসগৃহলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আহিব বুলি জানিব পৰা গৈছে ৷

আনহাতে এই ঘটনাৰ উচিত তদন্তৰ লগতে মৃতকৰ পৰিয়ালৰ লগতে আহত হৈ চিকিৎসাধীন হৈ থকা শ্ৰমিক সকলক ক্ৰমে 50 লাখ আৰু 25 লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ দাবী কৰিছে আমছু খিলঞ্জীয়াই ৷ লগতে নাগালেণ্ড চৰকাৰে অসমৰ শ্ৰমিক সকলৰ জীৱনৰ নিৰাপত্তাৰ সুব্যৱস্থা কৰাৰ লগতে মৃত আৰু আহত লোক সকলক উচিত ক্ষতিপূৰণ নিদিলে নাগালেণ্ডৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দিয়ে আমছু খিলঞ্জীয়াৰ গোলাঘাট জিলা সমিতিয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নাগালেণ্ডৰ ওখা জিলাৰ ভাণ্ডাৰি মহকুমাৰ ৰুচাইন ভিলেজৰ কয়লাখনিত সংঘটিত হয় এই কৰুণ ঘটনা ৷ ইতিমধ্যে আহত লোক সকলক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : কয়লাখনিত অগ্নিকাণ্ড: ছয় শ্ৰমিক নিহত, আহত চাৰিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.