কয়লাখনিত অগ্নিকাণ্ড: ছয় শ্ৰমিক নিহত, আহত চাৰিজন

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:26 PM IST

Updated : Jan 26, 2024, 11:06 AM IST

thumbnail

সৰুপথাৰ, 25 জানুৱাৰী: বৃহস্পতিবাৰে নাগালেণ্ডৰ ওখা জিলাৰ ভাণ্ডাৰি মহকুমাৰ ৰুচাইন ভিলেজৰ কয়লাখনিত সংঘটিত হ’ল ভয়ংকৰ ঘটনা ৷ এটা কয়লাখনিত অগ্নিকাণ্ড সংঘটিত হৈ থিতাতে নিহত হয় ৬ জনকৈ শ্ৰমিক ।

আজি বিয়লিৰ সময়ত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । শ্ৰমিকসকলে কয়লাখনিৰ ভিতৰতে কৰ্মৰত হৈ থকা অৱস্থাতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ স্বাভাৱিকতে এনে অৱস্থাত খনিৰ বাহিৰলৈ ওলাই অহাৰ তেওঁলোকৰ কোনো উপায় নাছিল ৷ ফলত খনিৰ ভিতৰতে নিৰ্গত হোৱা গেছৰ ফলত যি অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সিয়েই নিমিষতে প্ৰাণ কাঢ়ি নিয়ে ছজনকৈ শ্ৰমিকৰ ৷

আনহাতে এই ঘটনাত আহত হয় আন চাৰিজনকৈ শ্ৰমিক ৷ আহত লোকসকলক ইতিমধ্যে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷ নিহত আৰু আহত আটাইকেইজন লোক গোলাঘাট জিলাৰ উৰিয়ামঘাট সীমান্তৰ নিবাসী বুলি জানিব পৰা গৈছে । নিহতকেইজনৰ মাজত এইপৰ্যন্ত মজিবুৰ আলি, কমল ছেত্ৰী আৰু বিশাল থাপাক চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক: সহকৰ্মীৰ ওপৰত গুলীচালনা কৰি অসম ৰাইফলছৰ জোৱানৰ আত্মহত্যা; মণিপুৰত আহত ৬

Last Updated : Jan 26, 2024, 11:06 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.