ETV Bharat / bharat

সহকৰ্মীৰ ওপৰত গুলীচালনা কৰি অসম ৰাইফলছৰ জোৱানৰ আত্মহত্যা; মণিপুৰত আহত ৬

author img

By ANI

Published : Jan 24, 2024, 1:17 PM IST

মণিপুৰত অসম ৰাইফলছৰ জোৱানৰ আত্মহত্যা
মণিপুৰত অসম ৰাইফলছৰ জোৱানৰ আত্মহত্যা

Assam Rifles Soldier Firing Case : আইজিএআৰৰ সূত্ৰ অনুসৰি, আহত আটাইকেইজন জোৱান অনা-মণিপুৰী আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে চুৰাচান্দপুৰৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ ।

নিউজ ডেস্ক, ২৪ জানুৱাৰী : বুধবাৰে মণিপুৰত অসম ৰাইফলছৰ এজন জোৱানে গুলীয়াই আত্মহত্যা কৰে । আত্মহত্যাৰ পূৰ্বে দক্ষিণ মণিপুৰত জোৱানজনে সহকৰ্মীৰ ওপৰত গুলীচালনা কৰে । এই ঘটনাত আন ছয়জন লোক আহত হয় বুলি অসম ৰাইফলছৰ সূত্ৰত প্ৰকাশ । বুধবাৰে অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ (আইজিএআৰ) দ্বাৰা প্ৰকাশিত এক বিবৃতি অনুসৰি, ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত নিয়োজিত অসম ৰাইফলছ বেটেলিয়নত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হয় ।

আইজিএআৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, আহত আটাইকেইজন জোৱান অনা-মণিপুৰী আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে চুৰাচান্দপুৰৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে জোৱানসকলৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ।

"মণিপুৰত চলি থকা জাতিগত বিবাদৰ পৰিপ্ৰেক্ষিতত যিকোনো সম্ভাৱ্য উৰাবাতৰি দূৰ কৰিবলৈ আৰু যিকোনো অনুমান পৰিহাৰ কৰিবলৈ ঘটনাৰ বিৱৰণ স্বচ্ছভাৱে প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ ।" আইজিএআৰৰ চৰকাৰী বিবৃতিটোত লগতে কোৱা হৈছে ।

"এই দুৰ্ভাগ্যজনক ঘটনাটো বৰ্তমান মণইপুৰত চলি থকা সংঘৰ্ষৰ সৈতে সম্পৰ্কিত যেন নালাগে । কিয়নো আহতসকলৰ কোনোৱে মণিপুৰৰ বাসিন্দা নহয় ।" বিবৃতিটোত কোৱা হৈছে । কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীটোৱে লগতে কয় যে এই বিষয়ে বিতং তথ্য জানিবৰ বাবে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

"অসম ৰাইফলছ বেটেলিয়নত মণিপুৰৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসহ বিভিন্ন শ্ৰেণীৰ লোকৰ সংমিশ্ৰ আছে । মণিপুৰত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে সমাজৰ মেৰুকৰণ সত্ত্বেও সকলো জোৱান একেলগে আছে আৰু একেলগে কাম কৰি আহিছে ।" বিবৃতিটোত লগতে কোৱা হৈছে । উল্লেখ্য যে মণিপুৰত ২০২৩ চনৰ মে' মাহৰ পৰা মেইটেই আৰু কুকি-জো জনজাতীয় সম্প্ৰদায়ৰ মাজত জাতিগত বিবাদ চলি আহিছে ।

লগতে পঢ়ক :বিজেপিয়ে যিমানেই চেষ্টা নকৰক, কংগ্ৰেছে ভয় নকৰে; অশোক গেহলট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.