বিজেপিয়ে যিমানেই চেষ্টা নকৰক, কংগ্ৰেছে ভয় নকৰে; অশোক গেহলট
FIR Against Rahul Gandhi : কংগ্ৰেছ নেতা অশোক গেহলটে বুধবাৰে দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে জয়পুৰ বিমানবন্দৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত অভিযোগ কৰে যে উত্তৰ-পূবত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা দিয়াৰ চেষ্টা কৰা হৈছে । তেওঁ বিজেপিক লক্ষ্য কৰি কয় যে বিজেপিয়ে যিমানেই চেষ্টা নকৰক, কিন্তু কংগ্ৰেছে ভয় নকৰে ।

Published : January 24, 2024 at 11:11 AM IST
নিউজ ডেস্ক, ২৪ জানুৱাৰী : ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অশোক গেহলটে কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাহুল গান্ধীকে ধৰি বহু কংগ্ৰেছ নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক গৰিহণা দি কংগ্ৰেছ নেতাসকলে সমগ্ৰ দেশতে প্ৰতিবাদ কৰিছে । অশোক গেহলটে ভাৰত জোড়ো ন্যায় যাত্ৰাক এক ঐতিহাসিক যাত্ৰা বুলি বৰ্ণনা কৰে । লগতে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰে ।
গেহলটে কয় যে এই ভ্ৰমণত ব্যাঘাত জন্মাবলৈ যিধৰণে প্ৰচেষ্টা কৰা হৈছে, সেয়া আৰু অধিক বিচলিত কৰিবলগা । কাৰণ এই সকলোবোৰ এজন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কৰা হৈছে । গেহলটে ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে কোনো নেতাৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ কোনো মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ অধিকাৰ নাই । গেহলটে কয় যে যদি মুখ্যমন্ত্ৰীয়ে এনে নিৰ্দেশনা দিয়া আৰম্ভ কৰে, তেন্তে শত্ৰুতা পূৰণ কৰিবলৈ যিকোনো লোকেই এই কাম কৰিব পাৰে ।
আনহাতে, চিআৰপিচিৰ ব্যৱস্থাৰ কথা উল্লেখ কৰি গেহলটে কয় যে স্থানীয় আৰক্ষী থানাৰ এছএইচঅ'ৰ এটা নিৰ্দিষ্ট ঘটনা সম্পৰ্কীয় পৰিস্থিতি বুজি সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে । গেহলটে কয় যে বিজেপিশাসিত ৰাজ্যসমূহে এনেদৰে এক নতুন দৃষ্টান্ত স্থাপন কৰিছে । যদি এইটো অনুসৰণ কৰা হয়, তেন্তে কেন্দ্ৰীয় মন্ত্ৰী বা অনা-বিজেপি শাসিত ৰাজ্যসমূহতো আন বিজেপি নেতাসকলৰ বিৰুদ্ধে একে ধৰণৰ ব্যৱস্থা ল'ব পাৰে । লগতে তেওঁ পুনৰবাৰ ৰাহুলৰ বিৰুদ্ধে এজাহাৰ দাখিল সন্দৰ্ভত লোৱা সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি বৰ্ণনা কৰে । তেওঁ কয় যে যাত্ৰাটো সম্পূৰ্ণৰূপে ব্যাহত কৰাৰ চেষ্টা কৰা হৈছে । গেহলটে এই কাৰ্যক গৰিহণা দি কয় যে বিজেপিয়ে যি চেষ্টা কৰিছে তাক কংগ্ৰেছ বা ৰাহুল গান্ধীয়ে ভয় নকৰে ।
উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ জনতাক উচটনি দিয়াৰ অভিযোগ তুলি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁলোকে অভিযোগ কৰে যে যাত্ৰাই আৰক্ষীৰ বেৰিকেড ভাঙি গুৱাহাটীত প্ৰৱেশ কৰিছিল । আনহাতে, মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ সমগ্ৰ দেশতে বিৰোধিতা কৰা হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী গেহলটেও এই সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে ।
লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পিচতেই গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী : মুখ্যমন্ত্ৰী

