বাক্সাৰ উন্নেকুৰিত অগ্নিকাণ্ডত জাহ গ’ল ১২ টাকৈ পৰিয়ালৰ ঘৰ-বাৰী

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 10:47 AM IST

thumbnail

বৰপেটাৰোড 28 জানুৱাৰী: বাক্সা জিলাৰ খাৰিজা-বিজনী অঞ্চলৰ উন্নেকুৰি গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে তৎমুহূৰ্ততে জুইৰ লেলিহান শিখাত উন্নেকুৰি গাঁৱৰ কেবাজনো লোকৰ বাসগৃহ, ৰন্ধা গৃহ, গোহাঁলি ঘৰ আদি সম্পূৰ্ণৰূপে জাহ যায় । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।

এই অগ্নিকাণ্ডত প্ৰায় ১২টাকৈ পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় বুলি জানিব পৰা হৈছে । ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ অগ্নিনিৰ্বাপক বাহিনী লোকক দিয়া হৈছিল যদিও চাৰিওপিনে নৈৰে আৱৰা উন্নেকুৰি গাঁৱলৈ যোৱা বাট-পথৰ অৱস্থা অতিকৈ জুৰুলা হোৱা হেতুকে বৰপেটাৰোড আৰু সৰভোগৰ পৰা অগ্নিনিৰ্বাপকৰ গাড়ী সময়মতে গৈ উপস্থিত হোৱাত ব্যৰ্থ হয় ৷ যাৰবাবে দৰিদ্ৰ লোকসকলৰ ঘৰ-বাৰীবোৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় ।

অগ্নিকাণ্ডত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও বহু লক্ষ টকা হ’ব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: গোলাঘাটৰ নতুন আমোলাপট্টিত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.