গোলাঘাটৰ নতুন আমোলাপট্টিত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 1:07 PM IST

thumbnail

গোলাঘাট, ২৭ জানুৱাৰী : গোলাঘাট নগৰৰ নতুন আমোলাপট্টিৰ ফণীধৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত বিশ্বজিৎ ফুকন নামৰ এজন লোকৰ ভাড়াঘৰত শনিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায় । লগতে অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।  

উক্ত ঘটনা সম্পৰ্কে গোলাঘাটৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখকৈ বাহন উপস্থিত হৈ ৰাইজৰ সহযোগত জু‌ই নিৰ্বাপন কৰে । আজি সংঘটিত এই অগ্নিকাণ্ডৰ ফলত তিনিটা ভাড়াঘৰ আৰু এটা টেন্ট হাউছৰ সামগ্ৰী জুইত জাহ যায় । কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.