সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:59 PM IST

thumbnail

মৰিগাঁও, 27 জানুৱাৰী : কৃষক আৰু কৃষি বিষয়াৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে শনিবাৰৰ পৰা তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে মৰিগাঁও মহাবিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱ । উক্ত অনুষ্ঠানটি সাফল্য মণ্ডিত কৰিবলৈ আহ্বান আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ডেকা আৰু সম্পাদক দিব্যজ্যোতি হাজৰিকাৰ ।

পুৱাৰ ভাগত আদৰ্শ কৃষক প্ৰতিয়াত শিশুৰাম হাজৰিকা সমন্বয় ক্ষেত্ৰৰ মূলদ্বাৰ উন্মোচন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । উল্লেখ্য যে, মহাৰজত জয়ন্তী মহোৎসৱৰ ৭৪ গৰাকী বিশিষ্ট ব্যক্তিৰ লগতে মূল পতাকা উত্তোলন কৰে বুদ্ধ কুমাৰ নাথে । শ্বহীদ তৰ্পনৰ তৰ্পকদ্বয় ক্ৰমে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সম্পাদক গোপাল হাজৰিকা আৰু আদৰণি সমিতিৰ সম্পাদক দিব্যজ্যোতি হাজৰিকা । আনহাতে আদৰণি সমিতিৰ কাৰ্যলয় দ্বাৰ উন্মোচন কৰে আদৰণি সমিতিৰ সভাপতি তথা জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই । 

লগতে পঢ়ক : অবৈধভাৱে সুৰা বিক্ৰী কৰা দোকানৰ বিৰুদ্ধে মৰিগাঁৱত অভিযান অব্যাহত প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.