অবৈধভাৱে সুৰা বিক্ৰী কৰা দোকানৰ বিৰুদ্ধে মৰিগাঁৱত অভিযান অব্যাহত প্ৰশাসনৰ

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 11:49 AM IST

thumbnail

মৰিগাঁও, 4 জানুৱাৰী : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে মৰিগাঁৱৰ বিভিন্ন স্থানত জিলা প্ৰশাসনে অবৈধভাৱে সুৰা বিক্ৰী কৰা দোকানসমূহৰ বিৰুদ্ধে অভিযান চলাইছে ৷ বিগত দুটা দিনত জিলা প্ৰশাসনে অভিযান চলাই অবৈধভাৱে সুৰা বিক্ৰী কৰা 4 খনকৈ দোকানত লগালে তলা ৷ উল্লেখ্য যে, জিলাখনৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন আন ব্যস্ত পথসমূহৰ কাষৰ একাংশ ধাবাত অবৈধভাৱে সুৰাৰ বিক্ৰী কৰাৰ অভিযোগ উঠিছিল ৷

সেয়ে বুধবাৰে নিশা জাগীৰোডৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংঘৰ ধাবাত অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত চলাইছিল অভিযান ৷ আনহাতে, অভিযানকাৰী দলে সাধাৰণ লোকৰ দৰে ধাবাখনত প্ৰৱেশ কৰিছিল ৷ উক্ত অভিযানতে পোহৰলৈ আহে ধাবাখনত যে অনুজ্ঞাপত্ৰবিহীনভাৱে গ্ৰাহকক যোগান ধৰি আছে সুৰা ৷ তাৰ পাচতে প্ৰশাসনে তলা লগাই দিয়ে ধাবাখনত ৷

লগতে পঢ়ক : অবৈধ সুৰা বিক্ৰী কৰা ধাবাত ছীল-মোহৰ মাৰিলে মৰিগাঁও জিলা প্ৰশাসনে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.