হুঁচৰি গাই অসমবাসীলৈ বিহুৰ শুভেচ্ছা যাচিলে 'মৰমজান' খ্যাত গীতিকাৰ ৰবীন বৰাই - Bohag bihu 2024

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 6:52 AM IST

thumbnail

কলিয়াবৰ, 13 এপ্ৰিল: আজি গৰু বিহু ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখা গৈছে হেঁপাহৰ ৰঙালী বিহুক লৈ ব্যাপক উছাহ-উদ্দীপনা ৷ গৰু বিহুৰ দিনাই হুঁচৰি গাই অসমবাসীলৈ শুভেচ্ছা যাচিলে এসময়ৰ এগৰাকী জনপ্ৰিয় গীতিকাৰ ৰবীন বৰাই ৷ বিহুৰ শ্ৰব্য কেছেটৰ বিশেষ আদৰ থকা সেই সময়ত অসমৰ শ্ৰোতা-ৰাইজৰ মাজত সীমাহীন জনপ্ৰিয় এটা নাম আছিল ৰবীন বৰা । 

বিহু আৰু আধুনিক গীতৰ কথা আৰু সুৰেৰে গায়ক-পৰিচালকসকলৰ বিশেষ পচন্দৰ আছিল কলিয়াবৰৰ ৰবীন বৰা । অনুপম শইকীয়াৰ পৰিচালনাৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰা শ্ৰব্য কেছেট 'মৰমজান'ৰ যোগেদি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল এইগৰাকী ৰবীন বৰাই ।

বৰ্তমান বিহু কেছেটৰ গুৰুত্ব লোপ পালে, বিহুৰ ভিচিডিও নোহোৱা হ'ল । পূৰ্বৰ দৰে বিহুগীতৰ জনপ্ৰিয়তা হ্ৰাস হোৱাও পৰিলক্ষিত হৈছে । সেয়ে এই বিহুৰ সময়ত অতীত ৰোমন্থন কৰি কেইফাঁকিমান বিহু হুঁচৰি গুণগুণায় গীতিকাৰ ৰবীন বৰাই । 

লগতে পঢ়ক: শিক্ষাৰ্থীক অসমীয়া পৰম্পৰাৰ সৈতে পৰিচয় কৰাৰ দিয়াৰ প্ৰয়াস এখন বিদ্যালয়ৰ - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.