ETV Bharat / state

শিক্ষাৰ্থীক অসমীয়া পৰম্পৰাৰ সৈতে পৰিচয় কৰাৰ দিয়াৰ প্ৰয়াস এখন বিদ্যালয়ৰ - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 11:01 PM IST

An attempt by a school to introduce it to Assamese traditions in Amguri
অসমীয়া পৰম্পৰাৰ সৈতে পৰিচয় কৰাৰ দিয়াৰ প্ৰয়াস এখন বিদ্যালয়ৰ

RONGALI BIHU 2024: আজি ৰঙালীৰ উৰুকা । উৰুকাৰ দিনা এখন বিদ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী পদক্ষেপ । অসমীয়াৰ চহকী পৰম্পৰাৰ সৈতে নৱ প্ৰজন্মক চিনাকী কৰাই দিয়াৰ প্ৰয়াস বিদ্যালয় কৰ্তৃপক্ষৰ । পিছে ক'ত আছে এই বিদ্যালয় ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

অসমীয়া পৰম্পৰাৰ সৈতে পৰিচয় কৰাৰ দিয়াৰ প্ৰয়াস এখন বিদ্যালয়ৰ

আমগুৰি,১২ এপ্ৰিল: শালৰ গামোচাই হাঁহিলে । বিৰিখে আনন্দত নাচিলে । কুলিটিয়ে লগালে মাত । আজি ৰঙালীৰ উৰুকা । আকৌ আহিল বাপতিসাহোন ৰঙালী বিহুটি । আদৰৰ ৰঙালীক আদৰিবলৈ উলাহে ধৰা নাই প্ৰতিজন অসমীয়াৰ হিয়া । ৰাজ্যৰ চুকে-কোণে চলিছে ব্য়াপক প্ৰস্তুতি । বিহুটি বুলি ক'লেই যে কিমান আয়োজন ! পিছে আধুনিকতা আৰু প্ৰতিযোগিতাৰ দৌৰত যেন লাহে লাহে ম্লান পৰিছে চহকী অসমীয়া পৰম্পৰাৰ । সেয়ে এইবাৰ এখন বিদ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী পদক্ষেপ ।

বিদ্যালয়ত ঢেঁকীৰ গুমগুমনি । মাঁকোৰ খিটখিট শব্দ । বিয়পিছে পিঠাৰ গোন্ধ । বৰদেউতাই সাজিছে ফুলাম জাপি ৷ হয়, এইখন বৰছিলা উচ্চ মাধ্যমিক বিদ্যালয় । বিদ্যালয়খনে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা পৰম্পৰাসমূহ নতুন প্ৰজন্মক চিনাকী কৰাই দিয়াৰ বাবে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । বিদ্যালয়খনে ৰঙালী বিহুৰ সৈতে জড়িত সকলো উপাদানক চিনাকী কৰাই দিছে ছাত্ৰ-ছাত্ৰীসকলক ।

  • " class="align-text-top noRightClick twitterSection" data="">

ঢেঁকীশাল, জুইশালত পিঠা বনোৱা, জাঁপি বনোৱা, তাঁত শাল প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলক বিহু-সংস্কৃতিৰ লগত চিনাকী কৰায় দিয়ে । নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে যাতে পিঠা-পনা কেনেদৰে প্ৰস্তুত কৰিব লাগে, জুইশাল কি, ঢেঁকী কেনেদৰে দিব লাগে, আমাৰ সমাজত ঢেঁকীৰ প্ৰয়োজনীয়তা কিমান সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকল ব্যৱহাৰিক জ্ঞান দিয়াৰ প্ৰয়াস কৰে ।

আনহাতে ব'হাগ অহাৰ লগে লগে জাপিৰ প্ৰসংগ আহে । জাপি কেনেধৰে বনায়, জাপি বনাবলৈ কি কি সামগ্ৰী লাগে সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকল ব্যৱহাৰিক জ্ঞান দিয়াৰ প্ৰয়াস কৰে বিদ্যালয় কৰ্তৃপক্ষই । তাঁতশাল প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলক গামোচা কেনেদৰে ব'ব লাগে সেই বিষয়েও বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকল ব্যৱহাৰিক জ্ঞান দিয়াৰ চেষ্টা চলাই । ৰঙালী মানেই ৰং, ৰঙালী মানেই আনন্দ । ৰঙালীৰ প্ৰাকক্ষণত অসমৰ চহকী পৰম্পৰা পালন কৰি আনন্দত মতলীয়া হ'ল বিদ্যালখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী ।

লগতে পঢ়ক: আজি ৰঙালী বিহুৰ উৰুকা - RONGALI BIHU 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.