মৰিয়নীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - leopard caged in mariani

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 6:52 PM IST

thumbnail

যোৰহাট, ২৭ মাৰ্চ: মৰিয়নী নগৰত বাঘৰ সন্ত্ৰাসৰ মাজতে এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় । মৰিয়নীৰ নকছাৰীত পিঞ্জৰাবদ্ধ হয় দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই থকা এটা নাহৰফুটুকী । বন বিভাগে স্থাপন কৰা পিঞ্জৰাত নাহৰফুটুকীটো সোমোৱাৰ পিচতেই ৰাইজে বন বিভাগক খবৰ দিয়ে । আজি পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আহিছিল । ফলত বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছিল অঞ্চলটোৰ ৰাইজ ।  

উল্লেখ্য যে বিগত সময়ত মৰিয়নী নগৰৰ লগতে বিভিন্ন অঞ্চলত নাহৰফুটুকীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে কেইবাজনো লোকক আক্ৰমণ কৰি আহত কৰিছিল । বন বিভাগে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰে যদিও উপদ্ৰৱ হ্ৰাস পোৱা নাছিল । সেয়েহে নাহৰফুটুকীক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী তথা ৰাইজে ।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ বি চি পি এলত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.