ডিব্ৰুগড়ৰ বি চি পি এলত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
🎬 Watch Now: Feature Video

Published : March 20, 2024 at 4:18 PM IST
ডিব্ৰুগড়,২০ মাৰ্চ: ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত বাঘৰ সন্ত্ৰাসত বছৰৰ পাচত বছৰ সমস্যাত পৰিব লগা হৈছে ৰাইজ । বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তৰত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাই । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ বি চি পি এলত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী । লেপেটকটা গেছ ক্ৰেকাৰ বি চি পি এলত কেইবামাহ ধৰি মুক্তমনেৰে বিচৰণ কৰি আছিল নাহৰফুটুকীজনীয়ে ।
বি চি পি এলৰ কৰ্মচাৰীয়ে প্ৰায় প্ৰত্যক্ষ কৰি থকাত জিলা বন বিভাগৰ কাৰ্যালয়ত আবেদন কৰা পাচতে বন বিভাগৰ ফালৰ পৰা প্ৰায় দহ দিন পূৰ্বে নাহৰফুটুকীজনীক ধৰিবলৈ পিঞ্জৰা পাতি ৰাখিছিল আৰু বুধবাৰে পুৱাৰ ভাগত নাহৰফুটুকীজনীক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগ । নাহৰফুটুকীজনী বৰ্তমান ট্ৰেংকুলাইজ কৰি জকাই খণ্ড বিষয়া কাৰ্যালয়ত ৰাখিছে যদিও পৰৱৰ্তী সময়ত দিহিংমুখ বনাঞ্চলত বা জয়পুৰ অভয়াৰণ্যত এৰি দিয়াৰ কথা বন বিভাগৰ বিষয়াই জানিবলৈ দিয়ে ।
লগতে পঢ়ক: সোণাৰিৰ সৰুপথাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দুই