সোণাৰিৰ সৰুপথাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দুই - leopard menace

🎬 Watch Now: Feature Video

thumbnail
নাহৰফুটুকীৰ আতংক (undefined)

By ETV Bharat Assamese Team

Published : March 14, 2024 at 9:04 AM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 14 মাৰ্চ : সোণাৰিৰ সৰুপথাৰ অঞ্চলত নাহৰফুটুকীৰ আতংক ৷ গাঁৱৰ ৰাইজৰ টোপনি নাইকীয়া কৰিছে নাহৰফুটুকীয়ে ৷ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এই নাহৰফুটুকীৰ আতংকতে বছৰৰ পাছত বছৰ পাৰ কৰিছে ৰাইজে । বন-বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাই । ইয়াৰ মাজতে বুধবাৰে সোণাৰিৰ সৰুপথাৰত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজন ব্যক্তি । নাহৰফুটুকীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুজন ব্যক্তিৰ । হৰি প্ৰসাদ দৈমাৰী আৰু থানেশ্বৰ চেতিয়া নামৰ ব্যক্তি দুজনে সৰুপথাৰ অঞ্চলৰ চাহ-বাগিচাৰ কাষতে থকা মূল পথেৰে গৈ থকা অৱস্থাত এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে দুয়োজন ব্যক্তিকে হাতত আৰু পিঠিত আক্ৰমণ কৰে ।

স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰাণৰক্ষা পৰে দুয়োজনৰে । দুয়োজনকে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত থানেশ্বৰ চেতিয়াৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । স্থানীয় ৰাইজে ইতিমধ্যে ঘটনাৰ সম্পৰ্কে বন-বিভাগক খবৰ দিছে ৷

লগতে পঢ়ক : কলিয়াপানীত পুনৰ নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details