সোণাৰিৰ সৰুপথাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দুই

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 9:04 AM IST

thumbnail

ডিব্ৰুগড়, 14 মাৰ্চ : সোণাৰিৰ সৰুপথাৰ অঞ্চলত নাহৰফুটুকীৰ আতংক ৷ গাঁৱৰ ৰাইজৰ টোপনি নাইকীয়া কৰিছে নাহৰফুটুকীয়ে ৷ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এই নাহৰফুটুকীৰ আতংকতে বছৰৰ পাছত বছৰ পাৰ কৰিছে ৰাইজে । বন-বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাই । ইয়াৰ মাজতে বুধবাৰে সোণাৰিৰ সৰুপথাৰত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজন ব্যক্তি । নাহৰফুটুকীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুজন ব্যক্তিৰ । হৰি প্ৰসাদ দৈমাৰী আৰু থানেশ্বৰ চেতিয়া নামৰ ব্যক্তি দুজনে সৰুপথাৰ অঞ্চলৰ চাহ-বাগিচাৰ কাষতে থকা মূল পথেৰে গৈ থকা অৱস্থাত এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে দুয়োজন ব্যক্তিকে হাতত আৰু পিঠিত আক্ৰমণ কৰে ।

স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰাণৰক্ষা পৰে দুয়োজনৰে । দুয়োজনকে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত থানেশ্বৰ চেতিয়াৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । স্থানীয় ৰাইজে ইতিমধ্যে ঘটনাৰ সম্পৰ্কে বন-বিভাগক খবৰ দিছে ৷

লগতে পঢ়ক : কলিয়াপানীত পুনৰ নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.