কলিয়াপানীত পুনৰ নাহৰফুটুকী পিঞ্জৰাবদ্ধ - leopard caged in jorhat teok
🎬 Watch Now: Feature Video

Published : March 9, 2024 at 8:28 PM IST
টীয়ক, 9 মাৰ্চ : টীয়কত অব্যাহত আছে নাহৰফুটুকীৰ সন্ত্ৰাস ৷ কেইদিনমানৰ পূৰ্বে টীয়কত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ পাচত শনিবাৰে পুনৰ এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰে স্থানীয় ৰাইজে ৷ টীয়কৰ কলিয়াপানী আদৰ্শ গাঁৱত পুনৰ এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছে ।
জানিব পৰা মতে উক্ত অঞ্চলটোত বহু দিনৰ পৰা মানুহৰ বাৰীত প্ৰৱেশ কৰি গঁড়ালৰ পৰা হাঁহ-কুকুৰা, গোহালিৰ গৰু-ছাগলী আদি খাই তহিলং কৰাৰ লগতে বহুসময়ত বহু ব্যক্তিক আক্ৰমণ কৰি সমগ্ৰ অঞ্চলতে সন্ত্ৰাস চলাই আহিছিল এই বাঘটোৱে । উল্লেখ্য যে, আজিৰ পৰা কিছু দিনৰ পূৰ্বে উক্ত একেটা স্থানতে অন্য এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছিল আৰু তেতিয়াই উক্ত স্থানত আৰু কেইবাটাও বাঘ আছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰি পুনৰ একে স্থানতে পিঞ্জৰাটো স্থাপন কৰিছিল । আজি বিয়লি পুনৰ একেটা স্থানতে বাঘটো পিঞ্জৰাবদ্ধ হোৱাক লৈ ৰাইজে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে ।
ইপিনে কলিয়াপানীৰ এই অঞ্চলটো বাঘৰ লগতে বিভিন্ন বনৰীয়া জীৱজন্তুৰ বসতিস্থল হোৱাৰ বাবে প্ৰায়ে বাঘকে ধৰি বিভিন্ন জন্তুৱে সন্ত্ৰাস চলাই আহে ৷ সেয়ে এইক্ষেত্ৰত চৰকাৰ তথা বন বিভাগক অনতি পলমে সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে ।
লগতে পঢ়ক : ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক