ধৰ্মক ৰাজনীতিত ব্যৱহাৰ কৰাটো গণতান্ত্ৰিক দেশৰ বাবে অতি চিন্তনীয়: কানহায়া কুমাৰ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:49 PM IST

thumbnail

নগাঁও, 22 জানুৱাৰী: ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বটদ্ৰৱা থানলৈ যোৱাত বাধা । ৰাহুল গান্ধীক বাধা প্ৰদান কৰাক লৈ নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতা কানহায়া কুমাৰৰ । শাসকীয় চৰকাৰৰ বিৰুদ্ধে ধৰ্মক লৈ ৰাজনীতি কৰাৰ অভিযোগ কানহায়া কুমাৰৰ । সোমবাৰে বটদ্ৰৱা থানলৈ যোৱা পথত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কংগ্ৰেছ নেতা কানহায়া কুমাৰ ।

শাসকীয় বিজেপি চৰকাৰে এতিয়া ধৰ্মক লৈ ৰাজনীতি কৰা বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা কানহায়া কুমাৰে । তেওঁ কয় যে গণতান্ত্ৰিক দেশত মন্দিৰত প্ৰৱেশত বাধা প্ৰদান কৰা এটা চিন্তনীয় বিষয় । সকলো বিধায়ক-সাংসদক থানত প্ৰৱেশ কৰিবলৈ দিয়াৰ বিপৰীতে কেৱল ৰাহুল গান্ধীৰ প্ৰৱেশত বাধা দিয়া হৈছে বটদ্ৰৱা থানত । ধৰ্মক ৰাজনীতিত ব্যৱহাৰ কৰাটো গণতান্ত্ৰিক দেশৰ বাবে অতি চিন্তনীয় বুলিও মন্তব্য কৰে কানহায়া কুমাৰে ।

বটদ্ৰৱা থানলৈ যোৱাত ৰাহুল গান্ধীক বাধা প্ৰদান কৰা কাৰ্যৰ দ্বাৰা বিজেপিয়ে শাসনৰ গাদীত বহুওৱা ৰাইজকে অপমান কৰা বুলিও কয় কানহায়া কুমাৰে । লগতে এয়া কেৱল ৰাইজৰে নহয় ধৰ্মৰ বাবেও এয়া এক অপমান বুলি মন্তব্য কৰে কানহায়া কুমাৰে । বটদ্ৰৱা থানলৈ যোৱাত বাধা প্ৰদান কৰাৰ বাবেই ৰাজপথতে বহি ৰাহুল গান্ধীয়ে ভগৱানৰ আৰাধনা কৰে ৷

লগতে পঢ়ক: নগাঁৱত বাধাৰ সন্মুখীন ৰাহুল গান্ধী, বাতিল হ’ল বটদ্ৰৱা যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.