ETV Bharat / state

নগাঁৱত বাধাৰ সন্মুখীন ৰাহুল গান্ধী, বাতিল হ’ল বটদ্ৰৱা যাত্ৰা - rahul gandhi in assam

Bharat Jodo Nyay Yatra: নগাঁৱত বাধাৰ সন্মুখীন হৈ মৰিগাঁও দিশে ৰাওনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী । হয়বৰগাঁৱত দুই ঘণ্টা সময় ৰাজপথতেই বহি থাকি বটদ্ৰৱা যাত্ৰা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে । বটদ্ৰৱা যাত্ৰা বাতিল কৰি মৰিগাঁও দিশে ৰাওনা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ।

rahul gandhi canceled visit to Batadrava and headed towards Morigaon
ৰাজপথতেই বহি পৰিল ভাৰত জোড়ো ন্যায় যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : January 22, 2024 at 1:17 PM IST

Updated : January 22, 2024 at 2:48 PM IST

2 Min Read
বাতিল হ’ল বটদ্ৰৱা যাত্ৰা, কেম্পৰ দিশে ৰাওনা ৰাহুল

নগাঁও, 22 জানুৱাৰী: দুই ঘণ্টা সময় ৰাজপথত আৱদ্ধ হৈ থকাৰ পিছত মৰিগাঁও দিশে ৰাওনা হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । নগাঁৱৰ হয়বৰগাঁৱত পথ বন্ধ কৰি দিয়াৰ ফলত পুৱা 8 বাজি 45 মিনিটৰ পৰা 10 বাজি 45 মিনিট পৰ্যন্ত দুই ঘণ্টা সময় ৰাজপথতে বহি থাকে ৰাহুল গান্ধীৰ লগতে ভাৰত জোড়ো ন্যায় যাত্ৰা । দুই ঘণ্টাৰ অধিক সময় আৱদ্ধ হৈ থকাৰ পিছত অস্থায়ী কেম্পৰ দিশে ৰাওনা হয় কংগ্ৰেছ নেতাজন । দুই বজাৰ পৰা পুনৰ কাৰ্যসূচী অনুযায়ী ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷

rahul gandhi canceled visit to Batadrava and headed towards Morigaon
ৰাজপথতেই বহি পৰিল ভাৰত জোড়ো ন্যায় যাত্ৰা

উল্লেখ্য যে, অসমত প্ৰৱেশৰ সময়ৰে পৰাই বিভিন্ন বাধাৰ সন্মুখীন হৈ অহা ভাৰত জোড়ো ন্যায় যাত্ৰাই দেওবাৰে সন্ধিয়া বহু বাধা অতিক্ৰমী নগাঁৱৰ ৰূপহীহাটত উপস্থিত হৈছিল । সোমবাৰৰ পুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱালৈ যোৱাৰ কাৰ্যসূচী আছিল ৰাহুল গান্ধীৰ । কিন্তু পুৱা 8 বাজি 45 মিনিটতেই ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দল নগাঁৱৰ হয়বৰগাঁৱত উপস্থিত হয় যদিও হয়বৰগাঁৱত পথ বন্ধ কৰি দিয়ে নগাঁও আৰক্ষীয়ে । আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাত আৰক্ষীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বটদ্ৰৱালৈ আগবঢ়াত বাধা প্ৰদান কৰাত ৰাজপথতে আৱদ্ধ হৈ থাকিবলগীয়া হয় ৰাহুল গান্ধীসহ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দল ।

ফলত দুই ঘণ্টা সময় হয়বৰগাঁৱৰ ৰাজপথত বহি থাকিল ৰাহুল গান্ধীসহ কংগ্ৰেছ দলটো । অৱশেষত দুই ঘণ্টাৰ অন্তত সাংসদ গৌৰৱ গগৈয়ে বিধায়িকা শিবামনি বৰাক লগত লৈ বটদ্ৰৱা থানত উপস্থিত হয় আৰু প্ৰসাদ গ্ৰহণ কৰি ৰাহুল গান্ধীৰ কাষত উপস্থিত হয় । থান পৰিচালনা সমিতিয়ে তিনি বজাৰ পিছত থানত প্ৰৱেশৰ অনুমতি প্ৰদান কৰাত পুৱাৰ বটদ্ৰৱা থানৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হয় ৰাহুল গান্ধীয়ে ।

অৱশেষত দুই ঘণ্টা সময় ৰাজপথতে কটোৱাৰ পিছত বটদ্ৰৱা কাৰ্যসূচী বাতিল কৰে ৰাহুল গান্ধীয়ে । এই সন্দৰ্ভত বিগত 11 জানুৱাৰীতেই থান পৰিচালনা সমিতিৰ পৰা আমন্ত্ৰণ লাভ কৰাৰ কথা উল্লেখ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । বটদ্ৰৱা কাৰ্যসূচী বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ গৌৰৱ গগৈ, কেন্দ্ৰীয় কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ লগতে কংগ্ৰেছ নেতা কানহাইয়া কুমাৰে ।

লগতে পঢ়ক: বিয়লি 3 বজাৰ পিচতহে বটদ্ৰৱা থানত প্ৰৱেশৰ অনুমতি ৰাহুল গান্ধীক

Last Updated : January 22, 2024 at 2:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.